নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগনাৰ বিৰুদ্ধে আদালতৰ গ্রেপ্তাৰী পৰোৱানা

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ  গীতিকাৰ জাভেদ আখতাৰে তৰা মানহানি গোচৰত অভিনেত্রী কংগনা ৰাণাৱতৰ বিৰুদ্ধে সোমবাৰে মুম্বাই আন্ধেৰী মেট্র’পলিটান দণ্ডাধীশৰ আদালতে জামিনযোগ্য গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷

১ ফেব্রুৱাৰীত ৰাণাৱতৰ বিৰুদ্ধে আদালতে জাননী জাৰি কৰি ১ মার্চত অভিনেত্রীগৰাকীক হাজিৰ হ’বলৈ নির্দেশ দিছিল৷ কিন্তু ৰাণাৱতে আদালতৰ এই জাননী অগ্রাহ্য কৰিছিল৷ লগে লগে আদালতখনে অভিনেত্রীগৰাকীৰ বিৰুদ্ধে জামিনযোগ্য গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷ আগন্তুক ২২ মার্চত গোচৰটোৰ পৰৱর্তী শুনানি গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে আদালতখনে৷

স্মর্তব্য যে যোৱা মাহত আৰক্ষীয়ে অভিনেত্রীগৰাকীৰ বিৰুদ্ধে মানহানি গোচৰ বিচাৰযোগ্য হয় বুলি আদালতত প্রতিবেদন দাখিল কৰিছিল৷ বর্ষীয়ান গীতিকাৰ তথা কবি জাভেদ আখতাৰে কংগনাৰ বিৰুদ্ধে তৰা মানহানি গোচৰত আজি আদালতে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে যদিও অভিনেত্রীগৰাকীৰ অধিবক্তাই বিষয়টোক লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি ঘোষণা কৰিছে৷

You might also like