নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাধুনিক পৰমাণু অস্ত্রেৰে আমেৰিকাক প্রত্যাহ্বান ৰঙা চীনৰ

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ চীনে পৰমাণু অস্ত্র আধুনিকীকৰণৰ প্রক্রিয়া তীব্রতৰ কৰি তুলিছে৷ আগন্তুক দুটা দশকৰ ভিতৰত আমেৰিকাৰ সম–পৰিমাণৰ নতুন পৰমাণু অস্ত্র নির্মাণ কৰিব চীনে৷ ইতিমধ্যে এইক্ষেত্রত কেইবাহাজাৰ কোটি ডলাৰ ধন বিনিয়োগ কৰিছে বেইজিং প্রশাসনে৷ আনকি ভূ–গর্ভৰ সুৰংগৰ পৰা নতুন অত্যাধুনিক পাৰমাণৱিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাবলৈও সাজু হৈছে চীন৷ আমেৰিকাৰ এজন বিশেষজ্ঞই উপগ্রহ ছবিৰ বিশ্লেষণ আগবঢ়াই এই তথ্য সদৰী কৰিছে৷

শেহতীয়াকৈ চীনৰ ক্ষেপণাস্ত্র পৰীক্ষাস্থলীৰ পৰিসৰ বৃদ্ধি পোৱা বুলিও দাবী কৰিছে হানছ ক্রিষ্টেনছেনে৷ দীর্ঘদিন ধৰি ৰাছিয়া আৰু চীনৰ পৰমাণু অস্ত্রৰ ওপৰত নিৰীক্ষণ চলাই আহিছে আমেৰিকাৰ এই অস্ত্র বিশেষজ্ঞগৰাকীয়ে৷ উপগ্রহ ছবিৰ বিশ্লেষণৰ পৰাই ক্রিষ্টেনছেনে সদৰী কৰিছে যে চীনে নিজকে আমেৰিকাৰ পৰা ভাবুকি আহিব পৰা দেশ হিচাপে গণ্য কৰি পৰমাণু অস্ত্রৰ আধুনিকীকৰণত মনোনিৱেশ কৰিছে৷

অৱশ্যে হানছ ক্রিষ্টেনছেনে বর্তমান পৰিস্থিতিত আমেৰিকা আৰু চীনৰ মাজত সশস্ত্র সংঘর্ষৰ কোনোধৰণৰ আশংকা নাই বুলি ঘোষণা কৰিছে৷ কিন্তু ভৱিষ্যতে চীনে আমেৰিকাৰ সমান্তৰালকৈ পৰমাণু অস্ত্রৰ আধুনিকীকৰণৰ জৰিয়তে এক প্রতিযোগিতাত অৱতীর্ণ হোৱাৰ সম্ভাৱনা আছে৷

স্মর্তব্য যে আমেৰিকা আৰু চীনৰ বাণিজ্যিক ক্ষেত্রত চলি থকা অঘোষিত যুদ্ধ আৰু দক্ষিণ চীন সাগৰীয় অঞ্চলত বেইজিং প্রশাসনৰ অবাধ প্রভুত্ব দাবীয়ে ভৱিষ্যতে দুয়োখন দেশৰ মাজত ভয়াৱহ যুদ্ধৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি পূর্বৰে পৰা বিশেষজ্ঞসকলে দাবী কৰি আহিছে৷ দুয়োখন শক্তিশালী দেশৰ মাজত চলি থকা উত্তেজনাৰ সময়তে ক্রিষ্টেনছেনৰ শেহতীয়া প্রতিবেদনে উদ্বিগ্ণ কৰি তুলিছে পেণ্টাগনক৷ গতিকে দক্ষিণ চীন সাগৰীয় অঞ্চলত পূর্বৰ তুলনাত আমেৰিকাই নিৰীক্ষণ ব্যৱস্থা অধিক কঠোৰ কৰি তোলা পৰিলক্ষিত হৈছে৷

You might also like