নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দশম আৰু দ্বাদশৰ প্রথম স্থানাধিকাৰীক গাড়ী উপহাৰ শিক্ষামন্ত্রীৰ!

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ কথা দি কথা ৰাখিলে ঝাড়খণ্ডৰ শিক্ষামন্ত্রী জগৰনাথ মাহাতোয়ে। বুধবাৰে দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাত প্রথম স্থানাধিকাৰীক বিলাসী গাড়ী উপহাৰ দিলে। বুধবাৰে ৰাঁচিত মেধাৱী শিক্ষাৰ্থীৰ হাতত গাড়ীৰ চাবি তুলি দিলে শিক্ষামন্ত্রীগৰাকীয়ে।

লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মেধাৱী শিক্ষাৰ্থীসকলক উৎসাহীত কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। আনহাতে পৰৱৰ্তী সময়তো এইদৰে মেধাৱী শিক্ষাৰ্থীক উপহাৰ প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে।

You might also like