নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ হৈ প্ৰচাৰ চলাব জুবিনে!

ৰামচৰণ নটিয়ালক চকৰাতা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বিজেপিয়ে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভূৱনচন্দ্ৰ খাণ্ডুড়ীৰ কন্যা তথা যমকেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ীকা ঋতু খাণ্ডুড়ীৰ টিকট কাটিলে৷ ২০১২ বৰ্ষত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভূৱনচন্দ্ৰ খাণ্ডুড়ীৰ নেতৃত্বত ৰাজ্যখনত নিৰ্বাচনী যুঁজত অংশ লৈছিল৷ বাৰ্ধক্য আৰু ভগ্ন স্বাস্থ্যৰ বাবে খাণ্ডুড়ী সম্প্ৰতি ৰাজনৈতিকভাৱে সক্ৰিয় নহয়৷

বিজেপিয়ে ২০১৭ বৰ্ষৰ বিধানসভা নিৰ্বাচনত তেওঁৰ কন্যা ঋতু খাণ্ডুড়ীক যমকেশ্বৰ সমষ্টিৰ পৰা টিকট প্ৰদান কৰিছিল৷ এই নিৰ্বাচনত ঋতু খাণ্ডুড়ী জয়ী হৈছিল৷ পিছে এইবাৰৰ নিৰ্বাচনত গেৰুৱা দলটোৱে ঋতু খাণ্ডুড়ীক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে৷ তেওঁৰ স্থানত দলটোৱে ৰেণু বিষ্টক টিকট প্ৰদান কৰিছে৷ ইফালে, গেৰুৱা দলটোৱে এইবাৰ কণ্ঠশিল্পী জুবিন নটিয়ালৰ পিতৃ ৰামচৰণ নটিয়ালক চকৰাতা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ গেৰুৱা দলটোৱে এইবাৰ জুবিন নটিয়ালক তাৰকা প্ৰচাৰক হিচাপে ব্যৱহাৰ কৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে৷

You might also like