নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নী হত্যাৰ অভিযোগত দম্পত্তি গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,২২ জানুৱাৰীঃ পত্নী হত্যাৰ অভিযোগত আজি কচুৱা আৰক্ষীয়ে এগৰাকী মহিলাসহ দুজনক গ্ৰেপ্তাৰ কৰিছে।ধৃত লোকজনৰ নাম পদ্ম মেধি আৰু মহিলা গৰাকী তেওঁৰে পত্নী ৰীতা মেধি।এই দম্পত্তিৰ বিৰুদ্ধে পিংকী বৰুৱা নামৰ এগৰাকী মহিলাক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উঠিছে।উল্লেখযোগ্য নগাঁও জিলাৰ কচুৱা গৰঙাআটি (গমাৰিআটি)ৰ পিংকী বৰুৱা নামৰ মহিলাগৰাকীৰ কালি গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল।পদ্ম মেধি নামৰ ইতিমধ্যে আটকাধীন ব্যক্তিজনে পিংকীক বিভিন্ন প্ৰলোভন দি বিবাহ কৰাৰ অভিযোগ আছে। পদ্ম মেধি পূৰ্বৰে পৰা ৰীতা মেধি নামৰ আন এগৰাকী মহিলাৰ লগত বিবাহ পাশত আৱদ্ধ আছিল।কালি পিংকীৰ মৃত্যুৰ পিচতে তেওঁৰ পিতৃ-মাতৃয়ে পিংকীৰ মৃতদেহ লগত আনি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত পদ্ম মেধি আৰু ৰীতা মেধিৰ বিৰুদ্ধে কণ্যা পিংকীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।পিংকীৰ পিতৃ-মাতৃৰ মতে পদ্ম মেধি আৰু তেওঁৰ পত্নীয়ে পিংকীক বিষ দি হত্যা কৰিছে।ইয়াৰ পিচতেই আজি কচুৱা আৰক্ষীয়ে পদ্ম মেধি আৰু তেওঁৰ পত্নী ৰীতা মেধিক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত দুয়োজনকে কঠোৰ শাস্তি দিবলৈ কচুৱাৰ কেইবাটাও সংগঠনে দাবী জনাইছে।

You might also like