নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত ওলাইছে বিশ্বৰ অষ্টম আশ্চৰ্য ! যি দেখাৰ পিছত আপুনিও হ’ব আচৰিত

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বঙাইগাঁৱৰ বিখ্যাত পর্যটনস্থলী নাককাটি পাহাৰক সংযোগ কৰা পথছোৱাত থকা ওলমা দলং এখনে ৰাইজৰ মাজত বিভিন্ন প্রশ্নৰ উদ্রেক ঘটাইছে৷ দেৱানগাঁও হৈ নাককাটি পাহাৰত যোৱা পথটো পকীকৰণৰ নামত প্রায় ২ কোটি ৫৮ লাখ টকা আবণ্টন দিয়া হৈছিল৷ সেইমতে দুখনকৈ কাঠৰ দলংসহ এই পথটো পকীকৰণৰ কাম আৰম্ভ কৰিলেও আজিলৈকে সম্পূর্ণ হৈ নুঠিল৷ পর্যটকসকলে যাতায়াতৰ ক্ষেত্রত অসুবিধা সন্মুখীন হৈ অহা নিজৰা এটাৰ ওপৰত কাঠৰ দলং নির্মাণ কৰা হ’ল যদিও সম্প্রতি ওলমা দলঙলৈ পর্যবসিত হৈছে৷ সুউচ্চ দলংখনৰ দুটা মূৰ পাৰৰ হৈ সংযোগ স্থাপনৰ ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ ফলত দলংখন আকাশত ওলমি থকাৰ দৰে পর্যটক বা ৰাইজৰ কোনো কামতে অহা পৰিলক্ষিত হোৱা নাই৷

যাৰবাবে একাংশ স্থানীয় লোকে এই দলঙখনক বিশ্বৰ অষ্টম আশ্চৰ্য বুলি অভিহিত কৰিব বিচাৰিছে।

একেদৰে পকীকৰণৰ কামো ঠায়ে ঠায়ে আধৰুৱা হৈ আছে৷ নাককাটিক ইক’ টুৰিজিমথলী হিচাপে গঢ়ি তোলাৰ নামত প্রশাসনে বিশেষ ব্যৱস্থা গ্রহণ কৰাৰ সময়তে চৰকাৰী আঁচনিৰ ধন লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ প্রজেক্ট যাযাবৰকে ধৰি একাধিক আঁচনি হাতত লৈ জিলা প্রশাসনে নাককাটিৰ শৃংগক আকর্ষণীয় কৰি তোলাৰ পদক্ষেপ গ্রহণ কৰিলেও পথ নির্মাণৰ নামত দুর্নীতি–নিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

You might also like