নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেচ এক্স ৰকেটেৰে মহাকাশলৈ ৪ নভোচৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: প্রথমবাৰৰ বাবে আমেৰিকাৰ ফ্ল’ৰিডাস্থিত নাছাৰ কেনেডী মহাকাশ কেন্দ্রৰ পৰা স্পেচ এক্স ৰকেটেৰে আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ)লৈ যাত্রা কৰিছে চাৰিগৰাকী নভোচৰ৷ স্পেচ এক্সৰ বাবে এয়া এক মহাকাশ গৱেষণাৰ ক্ষেত্রত ইতিহাস হিচাপে চিহ্ণিত হৈছে৷ এই চাৰিগৰাকী নভোচৰৰ তিনিগৰাকী হৈছে আমেৰিকাৰ আৰু এজন জাপানৰ৷

ধনকুবেৰ ব্যৱসায়ী এল’ন মাস্কে স্পেচ এক্সৰ জৰিয়তে মহাকাশ গৱেষণাত অংশগ্রহণ কৰিছে৷ কোনো ব্যক্তিগত সংস্থাই আন্তর্জাতিক মহাকাশ আস্থানলৈ নভোচৰ প্রেৰণ কৰাৰ ঘটনা এইটোৱেই প্রথম৷ ইয়াৰ পূর্বে কোনো ব্যক্তিগত সংস্থাই এনে মহাকাশ গৱেষণাত অংশগ্রহণ কৰা নাছিল৷ স্পেচ এক্স ক্রিউ ড্রেগ’ন কেপছুলৰ পৰা এনেদৰে মহাকাশ অভিমুখে আজি যাত্রা কৰা নভোচৰকেইগৰাকী হৈছে নাছাৰ মাইকেল হ’পকিন্স, ভিক্টৰ গ্ল’ভাৰ, ছান’ন ৱাকাৰ আৰু জাপানৰ ছ’ইচি ন’গুচি৷

You might also like