নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবাৰকৈ পৰীক্ষাত নিগেটিভ ওলোৱাৰ পিছত ক’ভিডত মৃত্যু ইউপিৰ আৰক্ষী বিষয়াৰ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ মাত্র ৮ দিনৰ ভিতৰত ক’ভিড–১৯ পৰীক্ষাত দুবাৰকৈ নিগেটিভ ফল পোৱাৰ পাছতো মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈ প্রাণ হেৰুৱাইছে উত্তৰ প্রদেশৰ এগৰাকী আৰক্ষী পৰিদর্শকে৷ বুধবাৰে হাস্পতালত ৪৭ বছৰীয়া ইন্দ্রজিৎ সিং ভাদাউৰীয়া নামৰ আৰক্ষী পৰিদর্শকগৰাকীৰ মৃত্যু হোৱাৰ পাছত বিষয়টোক লৈ চলিছে সৰৱ চর্চা৷ উল্লেখনীয় যে তৃতীয়টো ক’ভিড পৰীক্ষাত পজিটিভ ওলোৱাৰ পাছতে হাস্পতালত ভর্তি কৰোৱা হৈছিল ভাদাউৰিয়াক৷ উত্তৰ প্রদেশৰ উন্নাও জিলাৰ বাসিন্দা ভাদাউৰিয়াই ১৯৮৯ চনত আৰক্ষীত যোগদান কৰি ২০১৩ চনত উপ পৰিদর্শকলৈ পদোন্নতি লাভ কৰে৷ ৰাজ্যখনৰ মীৰাট জিলাৰ এক আৰক্ষী প্রশিক্ষণ বিদ্যালয়ৰ অধিৱেশনত অংশগ্রহণ কৰি ঘৰলৈ উভতি অহাৰ পাছতেই ক’ভিড–১৯ৰ লক্ষণ পোৱা যায় ভাদাউৰিয়াৰ শৰীৰত৷ কিন্তু ২৩ জুলাইৰ পৰা ৩১ জুলাইলৈকে ভাদাউৰিয়াৰ দুবাৰকৈ পৰীক্ষাত নিগেটিভ ফল আহে৷ লক্ষ্ণৌৰ এক হাস্পতালত তৃতীয়টো পৰীক্ষাত ক’ভিড পজিটিভ বুলি চিহ্ণিত হোৱা ভাদাউৰিয়াৰ মৃত্যুৰ লগে লগে মহামাৰীৰ পৰীক্ষাক লৈ বিভিন্ন মহলত সৃষ্টি কৰিছে সন্দেহ৷

You might also like