নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০০ টকাৰ বিনিময়ত ১২ কোটি টকা, কোনে পালে এই টকাখিনি?

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ভাগ্যৰ চকৰি ৰথৰ চকৰিৰ দৰে। এবাৰ ওপৰলৈ উঠে এবাৰ তললৈ নামে। মাত্ৰ ৩০০টকাৰ বিপৰীতে এজন যুৱকে লাভ কৰিলে ১২ কোটি টকা। কেৰালাৰ কোচিৰ আনন্দু বিজয়নান নামৰ যুৱকজনে মাত্ৰ ৩০০টকাৰ লটাৰী টিকট কিনি লাভ কৰিলে ১২কোটি টকা।

ক’ৰোনাৰ আতংকৰ সময়তে বিপদত পৰিছিল আনন্দু। এসাজ খাই আন সাজলৈ চিন্তা কৰিব লগা হৈছিল এনে সময়তে লটাৰীৰ টিকট ক্ৰয় কৰিছিল আনন্দুৱে। ভৱা নাছিল হয়তু তেওঁৰ জীৱনলৈ এনে পৰিবৰ্তন আহিব। লটাৰী জিকি মুঠ ১২কোটি টকা লাভ কৰা আনন্দুৱে GST কাটি লাভ কৰিছে ৭কোটি ৫০ হাজাৰ টকা।  এই খবৰে এতিয়া চৰ্চা লাভ কৰিছে সৰ্বত্ৰে।

You might also like