নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেঁচুৱাক কেনেকৈ গা ধুৱাব?

গা ধুৱাবৰ বাবে প্রয়োজনীয় সামগ্রী
১৷ আগতীয়াকৈ অলপ গৰম কৰি লোৱা কোমল কাপোৰ বা গামোচা বা টাৱেল
(গা ধুওৱাৰ কিছুপৰৰ আগৰ পৰাই ৰ’দত থৈ বা গৰম কৰা ইস্ত্রিৰ সহায়ত)
২৷ বহল চৰিয়া/বাথ টাব
৩৷ কুহুমীয়া পানী
৪৷ কপাহী বল
৫৷ শিশুৰ ছেম্পু/চাবোন
৬৷ সাজ–পোছাক

গা ধুওৱাৰ পদ্ধতি
কেঁচুৱাক সদায় এটা বন্ধ কোঠালিৰ ভিতৰতহে গা ধুৱাব আৰু লগতে সুনিশ্চিত কৰিব, যাতে কোঠাটো যথোচিতভাৱে গৰম হৈ থাকে৷ (কোঠাৰ ভিতৰৰ উষ্ণতা ৭৫ ডিগ্রী ফাৰেনহাইট হ’লে ভাল)৷ অন্য সকলো সামগ্রী আগতীয়াকৈ গোটাই ওচৰতেই ৰাখিব৷ পৰিষ্কাৰ চৰিয়া বা বাথ টাবত কুহুমীয়া পানী গোটাই ল’ব৷ পানীখিনিত নিজৰ হাতখন ভৰাই পানীখিনি যথোচিত পৰিমাণৰ উষ্ণতাৰ হয় নে নহয় ভালদৰে গম ল’ব পাৰি৷ পানীৰ উষ্ণতা ৩৭ ডিগ্রী চেলচিয়াছমান হ’লে ভাল৷
শিশুটিৰ গাটো এখন টাৱেলেৰে মেৰিয়াই ৰাখিব আৰু বিশেষ মন কৰিবলগীয়া এয়ে যে কোনো কাৰণতে শিশুটিক অকলে নেৰিব বা খালী গাৰে নাৰাখিব৷ প্রথমে শিশুটিৰ চকু দুয়োটা নিয়মীয়া পৰিষ্কাৰ পানীত তিয়াই লোৱা কপাহী বল বা কোমল কপাহী কাপোৰেৰে চাফা কৰিব৷ এনে কৰোঁতে প্রথমে চকু দুটাৰ মাজৰ অংশৰ পৰা আৰম্ভ কৰি কাষলৈ লাহে লাহে চাফা কৰিব লাগে৷ শিশুটিৰ মুখৰ বাকী অংশও এটুকুৰা কোমল কাপোৰ বা কপাহেৰে কুহুমীয়া পানীত তিয়াই চাবোন ব্যৱহাৰ নকৰাকৈ ধুব লাগে৷ এটুকুৰা কোমল কাপোৰ ব্যৱহাৰ কৰি কাণ দুয়োখনো পৰিষ্কাৰ কৰিব৷ কাণৰ একেবাৰে ভিতৰলৈ কিবা সুমুৱাই কাণৰ ভিতৰখন চাফা কৰিবলৈ চেষ্টা কৰিব নালাগে৷

ইয়াৰ পিছত চৰিয়াৰ পানীৰ ওপৰলৈ মূৰটো আনি হাতৰ ওপৰত শুৱাই লাহে লাহে হাতেৰে মূৰত পানী লগাব৷ শিশুৰ বাবে ব্যৱহাৰ কৰা চাবোন বা ছেম্পু ব্যৱহাৰ কৰি মূৰটো পৰিষ্কাৰ কৰিব পাৰি৷ লগে লগে মূৰটো মচি শুকুৱাই ল’ব লাগে৷ একেবাৰে শেষত শিশুটিক বাথ টাবত (ডিঙিৰ পিছফালে আৰু টিকাত ধৰি) বহুৱাই ৰাখি গোটেই গাটো ডিঙিৰ পৰা তললৈৰ ধুৱাই দিব পাৰি৷ গা ধুওৱাৰ আগত মালিচ কৰিলে গা ধুওৱাৰ পৰত চাবোন বেছিকৈ লাগি থকা তেলবোৰ আঁতৰাই দিব লাগে৷ শিশুটিক বেছিকৈ ঘঁহি ঘঁহি ধুওৱাৰ আৱশ্যক নাই৷ যদিও বেছিভাগ শিশুৱেই গা ধুওৱাৰ সময়ত হাত–ভৰি মৃদুভাৱে মালিচ কৰি দিলে বেছ উপভোগ কৰে৷ এই কামখিনি হৈ যোৱাৰ লগে লগে শিশুটিক আগতীয়াকৈ গৰম কৰি থোৱা কাপোৰখনেৰে মেৰিয়াই ল’ব লাগে আৰু লগে লগে মাকৰ গাখীৰ খুৱাই দিলে শিশুটিৰ ঠাণ্ডা নালাগে৷ এনে কৰিলে শিশুৰ শৰীৰৰ তাপমাত্রা নিয়মীয়া হৈ পৰে৷ তাৰ পিছতহে আমি প্রয়োজন অনুসৰি ক্রীম বা পাউডাৰ লগাই সাজপাৰ পিন্ধাব লাগে৷
প্রথম কেইবাৰমান গা ধুৱাওতে শিশুটিয়ে কান্দিব পাৰে, কিন্তু তাৰ বাবে চিন্তিত হোৱাৰ কোনো কাৰণ নাথাকে৷ যিহেতু গা ধুওৱাটো শিশুটিৰ এটা নতুন অভিজ্ঞতা, সেয়ে এই পদ্ধতিটো শিশুটিৰ বাবে আৰামদায়ক নহ’লে শিশুটিয়ে আমনি কৰাৰ সম্ভাৱনীয়তা থাকে৷ পিছলৈ গোটেই প্রক্রিয়াটো বেছি সহজ হৈ পৰে৷ কিন্তু গা ধুৱাওতে যদি হঠাতে শিশুটিয়ে কান্দি উঠে, তেন্তে অতিকৈ সুনিশ্চিত কৰা উচিত যে পানীখিনি খুব বেছি গৰম বা বেছি ঠাণ্ডা নহয়৷

You might also like