নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰত ভূমি ক্রয় কৰিব পাৰিব সকলো ভাৰতীয়ই

কেন্দ্রীয় চৰকাৰৰ ৰাজপত্রিত নির্দেশনা

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰত সকলো ভাৰতীয়ই এতিয়াৰে পৰা ভূমি ক্রয় কৰিব পাৰিব৷ কেন্দ্রীয় চৰকাৰে ৰাজপত্রিত নির্দেশনাযোগে জম্মু–কাশ্মীৰৰ বাবে নতুন ভূমি আইন বলৱৎ হোৱা বুলি প্রকাশ কৰাৰ লগে লগে অঞ্চলটোত সকলো ভাৰতীয়ই ভূমি ক্রয় কৰাৰ পথ মুকলি হ’ল৷

কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা ৰাজপত্রিত নির্দেশনা অনুযায়ী অঞ্চলটোত ভূমি ক্রয়ৰ ক্ষমতা লাভ কৰিলে প্রতিজন ভাৰতীয়ই৷ শীঘ্রেই বলৱৎ হোৱাকৈ এই নির্দেশনা জাৰি কৰা হৈছে৷ উল্লেখ্য যে সংবিধানৰ অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি কেন্দ্রীয় চৰকাৰে জম্মু–কাশ্মীৰ আৰু লাডাখক দুটা কেন্দ্রীয়শাসিত অঞ্চল হিচাপে গঠন কৰিছে৷

ইয়াৰ ফলশ্রুতিত জম্মু–কাশ্মীৰ আৰু লাডাখত পূর্বৰে পৰা চলি থকা ভূমি আইনখন সংশোধন কৰিবলগীয়া হয়৷ কেন্দ্রীয় চৰকাৰে ভূমি আইনখন সংশোধন কৰি নতুন ভূমি আইন বলৱৎ কৰাৰ বাবে দেশৰ যিকোনো নাগৰিকে উক্ত অঞ্চলত ভূমি ক্রয়ৰ ক্ষমতা লাভ কৰে৷

এই নতুন আইন বলৱৎ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে জম্মু–কাশ্মীৰ এলাইনেচন অৱ লেণ্ড এক্ট ১৯৯৫, জম্মু–কাশ্মীৰ বিগ লেণ্ডেড ইষ্টেট এব’লিচন এক্ট ২০০৭, জম্মু–কাশ্মীৰ কমন লেণ্ড (ৰেগুলেচন) এক্ট ১৯৫৩ আৰু জম্মু–কাশ্মীৰ কনছলিডেচন অৱ হল্ডিং এক্ট ১৯৬২কে ধৰি কেইবাখনো পূর্বৰ আইন প্রত্যাহাৰ কৰিবলগীয়া হয়৷

You might also like