নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লিভ ইন’ নহ’লে চৰম পথ : কিশোৰৰ প্রেমত পাগল যুৱতী

🔹 উত্তৰ প্রদেশত প্রেমিকাৰ ভাবুকিক লৈ অস্বস্তিত আৰক্ষী

বিশেষ বাৰ্তা, ২৩ মে’ : কথাতে কোৱা হয় প্রেম অন্ধ্র৷ প্রেমত বয়সৰ সীমা নাই৷ অর্থাৎ প্রেমে নামানে বয়স৷ এই কথা এইবাৰ প্রমাণ হ’ল উত্তৰ প্রদেশত৷ ১৬ বছৰীয়া এজন কিশোৰৰ প্রেমত পাগল ২৫ বছৰীয়া যুৱতী৷ অকল সেয়াই নহয়, এই তৰুণৰ সৈতে একেলগে থকাৰ বাবে সংকল্প লৈছে এই যুৱতীয়ে৷ আনকি এই যুৱতীয়ে ভাবুকি দিছে যে ১৬ বছৰীয়া প্রেমিকৰ সৈতে একেলগে থাকিবলৈ নিদিলে তেওঁ আত্মহত্যা কৰিব৷ যুৱতীৰ আঁকোৰগোজ আচৰণত অস্বস্তিত পৰিছে আৰক্ষী৷ এই যুৱতীগৰাকী মীৰাটৰ বাসিন্দা৷ শেহতীয়াকৈ ১৬ বছৰীয়া তৰুণজনৰ সৈত পৰিচয় হৈছিল ছ’চিয়েল মিডিয়াৰ জৰিয়তে৷ প্রথম পৰিচয়তে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠে৷ বন্ধুত্বৰ পাছতে লাহে লাহে সেয়া প্রণয়ৰ সম্পর্কলৈ সলনি হৈছে৷ এই প্রেমৰ বাবেই যুৱতীগৰাকীয়ে চামলিট থকা তৰুণজনৰ বাসগৃহত হাজিৰ হয়৷ নাবালকৰ পৰিয়ালে দাবী কৰা অনুসৰি যুৱতীগৰাকী কেইবাদিনো তেওঁলোকৰ বাসগৃহত আছে৷ বাৰে বাৰে যুৱতীগৰাকীক আঁতৰি যাবলৈ নির্দেশ দিয়া হৈছে যদিও যুৱতীয়ে নাবালকৰ সৈতে ‘লিভ ইন’ কৰিব বুলি জেদ ধৰিছে৷ অকল সেয়াই নহয়, যুৱতীৰ দাবী মানি নল’লে চৰম পথ বাছি ল’ব বুলি হুংকাৰ দিছে৷ এই ভাবুকি শুনাৰ পাছতে আৰক্ষীৰ দ্বাৰস্থ হয় নাবালকৰ পৰিয়াল৷ আৰক্ষীয়ে আহি যুৱতীগৰাকীক মীৰাটত থকা নিজ বাসগৃহত থ’বলৈ যায় যদিও পৰিয়ালে যুৱতীগৰাকীক ৰাখিবলৈ অস্বীকাৰ কৰে৷ পৰিয়ালৰ বক্তব্য হৈছে- যুৱতীয়ে যি আচৰণ দেখুৱাইছে তাত ঘৰৰ সন্মান হানি হৈছে৷ গতিকে কালি আৰক্ষীয়ে যুৱতীগৰাকীক আকৌ চামলিলৈ ওভতাই আনে৷ এতিয়া ১৬ বছৰীয়া প্রেমিকৰ পৰিয়ালে যুৱতীক আশ্রয় দিবলৈ অস্বীকাৰ কৰিছে। বিষয়টোক লৈ সমস্যাত পৰিছে আৰক্ষী৷ আৰক্ষীয়ে এতিয়া চৰকাৰী আশ্রয়গৃহলৈ যুৱতীগৰাকীক প্রেৰণৰ সিদ্ধান্ত লৈছে যদিও যুৱতীয়ে তাক মানিবলৈ অস্বীকাৰ কৰিছে৷

You might also like