নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মার্ট ফোন কাঢ়ি নিয়া বাবেই পিতৃ–মাতৃ-ভগ্নীক হত্যা

🔹 তিনি নিশা মৃতদেহৰ সৈতে কটালে অভিযুক্ত কিশোৰে

বিশেষ বাৰ্তা, ২৩ মে’ : শিশু–কিশোৰসকলৰ মাজত স্মার্ট ফোনৰ নিচাই মানসিক ৰোগৰ ৰূপ ধাৰণ কৰিছে৷ এই সন্দর্ভত বাৰে বাৰে সতর্ক কৰি আহিছে বিশেষজ্ঞ চিকিৎসকসকলে ৷ এইবাৰ এই নিচাৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গ’ল লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলত৷ ১৬ বছৰীয়া কিশোৰে গুলী কৰি হত্যা কৰিলে নিজৰ পিতৃ–মাতৃ আৰু ভগ্নীক৷ স্মার্টফোন কাঢ়ি নিয়াৰ বাবেই খঙত পিতৃ–মাতৃ আৰু ভগ্নীক গুলীয়াই হত্যা কৰে কিশোৰজনে৷ হত্যাকাণ্ড শুকুৰবাৰে সংঘটিত হ’লেও তিনি নিশা মৃতদেহকেইটাৰ সৈতে কটাই সোমবাৰে আৰক্ষীক মাতি আত্মসমর্পণ কৰে কিশোৰজনে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ছাও পাওলো চহৰৰ এটা পৰিয়ালত সংঘটিত হয় এই শিহৰণকাৰী হত্যাকাণ্ড৷ অভিযুক্ত কিশোৰ পালিত সন্তান৷ ঘটনাৰ দিনাখন পুৱা অতিৰিক্ত ফোনৰ ব্যৱহাৰক লৈ পিতৃ–মাতৃয়ে সতর্কবাণী কৰিছিল কিশোৰজনক৷ আনকি কিশোৰজনৰ পৰা মোবাইল ফোনটো কাঢ়ি লোৱা হৈছিল৷ কিছু সময়ৰ পিছতে অতর্কিতে পিতৃক গুলীয়াই হত্যা কৰে কিশোৰজনে৷ ইয়াৰ এঘণ্টাৰ পাছত মাতৃকো গুলীয়ায়৷ লক্ষণীয়ভাৱে দুমহলীয়া ঘৰৰ ওপৰ মহলাত থকা ভগ্নীকো গুলীৰে থকা–সৰকা কৰে কিশোৰজনে৷

You might also like