নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী কেজৰিৱালৰ অসহায় স্বীকাৰোক্তি ‘চিকিৎসালয়ে চিকিৎসালয়ে নাটনি হৈছে অক্সিজেনৰ, নাই আইচিইউৰ বিছনা’

  • ভয়াৱহ সংক্রমণ ৰাজধানী দিল্লীত হাহাকাৰ
  • ২৪ ঘণ্টাত ২৫,৪৬২ আক্রান্ত
  • পজিটিভৰ হাৰ ৩০ শতাংশলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ অক্সিজেনৰ নাটনি, নাই আইচিইউ বিছনা৷ স্বাস্থ্য ব্যৱস্থা সীমিত হৈছে৷ ঘাতক ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতা বর্ধিত হৈছে৷ ক’ভিডসৃষ্ট বিষম পৰিস্থিতিক লৈ এই অসহায় স্বীকাৰোক্তি দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ৷

বিগত কেইবাদিন ধৰি ৰাজধানী দিল্লীত ক’ভিড–১৯ৰ সংক্রমণ এনেদৰে বৃদ্ধি পাইছে যে অৱশেষত ৰাজধানী চহৰখনৰ স্বাস্থ্য ব্যৱস্থাই আক্রান্ত ৰোগীক চিকিৎসা দিবলৈ ব্যর্থ হৈ পৰাৰ পৰিপ্রেক্ষিতত লকডাউন ঘোষণা কৰিলে মুখ্যমন্ত্রী কেজৰিৱালে৷

সোমবাৰে এখন সংবাদ মেলযোগে মুখ্যমন্ত্রী কেজৰিৱালে ক’ভিড–১৯সৃষ্ট পৰিস্থিতি অতি শোচনীয় হৈ পৰাৰ বাবেই ৭ দিনৰ লকডাউন ঘোষণা কৰিলে৷ সোমবাৰে নিশা ১০ বজাৰ পৰা ২৬ এপ্রিলৰ পুৱা ৬ বজালৈ ৰাজধানী চহৰ লকডাউনৰ অধীনত থাকিব৷ ৰাজধানী চহৰখনত ক’ভিড–১৯ সংক্রমণৰ শৃংখল প্রতিৰোধ কৰাৰ বাবেই দিল্লীবাসীৰ ওচৰত চৰকাৰখনে বিগত দিনৰ লগতে অনাগত দিনৰ সমর্থন, সহায় কামনাৰে মুখ্যমন্ত্রী কেজৰিৱালে লকডাউন ঘোষণা কৰে৷

ইপিনে, ৰাজস্থানতো ক’ভিড–১৯ৰ সংক্রমণৰ বর্ধিত ৰূপক লৈ শংকিত চৰকাৰে অহা ৩ মে’লৈ লকডাউন ঘোষণা কৰিছে৷

লকডাউন ঘোষণা কৰি মুখ্যমন্ত্রী কেজৰিৱালে কয় যে বিগত ২৪ ঘণ্টাত ৰাজধানী চহৰখনত এদিনত সর্বাধিক অভিলেখসংখ্যক ২৫,৪৬২জন লোক আক্রান্ত হৈছে৷ তেওঁলোকে প্রতিদিনে পৰীক্ষণৰ সংখ্যা আন বহুবোৰ ৰাজ্যতকৈ অধিক কৰি আছে৷ এনে কাৰণতে আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱা, খাদ্য সেৱা, চিকিৎসা সেৱা অব্যাহত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে এই লকডাউন সৰু বুলি আখ্যা দি প্রব্রজিত শ্রমিকক দিল্লী এৰি নাযাবলৈ আহ্বান জনায়৷ লকডাউনৰ সময়ছোৱাত মাত্র ৫০জনৰ সমাগমেৰে বিবাহ অনুষ্ঠিত কৰিব পাৰিব বুলি মুখ্যমন্ত্রী কেজৰিৱালে উল্লেখ কৰে৷

অৱশ্যে ইয়াৰ বাবে পৃথককৈ অনুমতি–পত্র ল’ব লাগিব৷ সংবাদ মেলত দিল্লীৰ নাগৰিককো মুখ্যমন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ চৰকাৰে প্রথম দিনাৰে পৰা সততাৰে সকলো পৰিস্থিতি সন্দর্ভত অৱগত কৰি আহিছে৷ ৰাজধানী চহৰখনত হাস্পতালত ক’ভিড–১৯ পৰিস্থিতি অতি নিম্নগামী হৈ পৰিছে৷ আইচিইউৰ বিছনাৰ অত্যন্ত নাটনি হৈছে৷ ক’বলৈ গ’লে দিল্লীৰ স্বাস্থ্য ব্যৱস্থা সীমিত হৈ পৰিছে৷ এনে ক্ষেত্রত দিল্লীবাসীৰ পৰা সম্পূর্ণ সমর্থন তেওঁলোকে পাইছে আৰু ২ কোটি বাসিন্দাই মহামাৰীৰ বিৰুদ্ধে একেলগে যুঁজ দিব৷

উল্লেখ্য যে দিল্লীৰ উপ–ৰাজ্যপাল অনিল বাইজালৰ সৈতে দেওবাৰে পুৱা আলোচনাৰ অন্তত লকডাউনৰ সিদ্ধান্ত গ্রহণ কৰা বুলি প্রকাশ কৰি মুখ্যমন্ত্রী কেজৰিৱালে কয়– ‘দিল্লীত এতিয়া অক্সিজেনৰ অত্যন্ত নাটনি হৈছে৷ স্বাভাৱিক যোগানতকৈ অধিক অক্সিজেনৰ প্রয়োজন হৈছে৷

ইপিনে, মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে দিল্লীলৈ অক্সিজেনৰ যোগান বৃদ্ধি কৰাৰ পৰিৱর্তে অন্য ৰাজ্যলৈ দিল্লীৰ কোটা প্রেৰণ কৰা হৈছে৷ দিল্লীৰ বাবে সম্প্রতি অক্সিজেন অতি জৰুৰী হৈ উঠিছে৷ দিল্লীত হাস্পতালত নাটনি হোৱা বিছনা আৰু অক্সিজেন সন্দর্ভত মুখ্যমন্ত্রী কেজৰিৱালে প্রধানমন্ত্রী মোদীলৈ পত্র প্রেৰণ কৰি কেন্দ্রীয় চৰকাৰৰ অধীনৰ হাস্পতালসমূহৰ ১০ হাজাৰখন বিছনাৰ অতিকমেও ৭ হাজাৰ দিল্লীৰ চৰকাৰক ব্যৱহাৰৰ অনুমতি দিবলৈ অনুৰোধ জনাইছে৷

মন কৰিবলগীয়া যে ইতিপূর্বে ৰাজধানী চহৰখনত নৈশ সান্ধ্য আইন বলৱৎ হৈ আছে যদিও সংক্রমণৰ মাত্রা হ্রাসৰ পৰিৱর্তে দ্রুতগতিত বর্ধিত হোৱাত লকডাউন বলৱৎ কৰিবলগীয়া হয়৷ আনহাতে, দিল্লীত ক’ৰোনাত আক্রান্তৰ সংখ্যা ইমানেই দ্রুতগতিত বর্ধিত হৈছে যে প্রতি তিনিজনক পৰীক্ষণৰ অন্তত এজনৰ দেহত ক’ৰোনা ধৰা পৰে৷ দেওবাৰে দিল্লীত আক্রান্তৰ হাৰ ২৯.৭ শতাংশ বৃদ্ধি পাইছে৷ তদুপৰি বিগত ২৪ ঘণ্টাত ৰাজধানী চহৰখনত ১৬১জন লোকে প্রাণ হেৰুৱাইছে৷ ইয়াকে লৈ মৃতকৰ সংখ্যা ২৪,৩৭৫জনলৈ বৃদ্ধি পাইছে৷

ইপিনে, ৰাজস্থান চৰকাৰে অহা ৩ মে’লৈ ১৫ দিনীয়া কঠোৰ লকডাউন বলৱতৰ কথা ঘোষণা কৰিছে৷ মুখ্যমন্ত্রী অশোক গেহলটে যোৱানিশাই নতুন কঠোৰ নির্দেশনা জাৰি কৰাৰ পিছত সোমবাৰে ১৫ দিনীয়া লকডাউন ঘোষণা কৰে৷ কালি মুখ্যমন্ত্রীগৰাকীয়ে এই লকডাউনক ‘ৰাজহুৱা শৃংখলাবদ্ধ পষেক’ হিচাপে ঘোষণা কৰি এই লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে৷

You might also like