নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাৰ পৰৱৰ্তী উপ-সেনা প্ৰধান হ’ব লেঃ জেনেৰেল চিপি মহান্তি

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ লেফটেনেণ্ট জেনেৰেল চিপি মহান্তিয়ে (Lt Gen CP Mohanty) ১ ফেব্ৰুৱাৰীত পৰৱৰ্তী উপ-সেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। লেফটেনেণ্ট জেনেৰেল এছকে ছাইনীৰ অৱসৰ গ্ৰহণৰ পিছতে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰিব।

উল্লেখ্য যে তেওঁ বৰ্তমানৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চিফ ৰূপে দক্ষিণ সেনা কমাণ্ডাত (Southern Army Commander)  কৰ্মৰত আছে।

তেওঁ আৰআইএমচি (RIMC) দেৰাডুনৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত এজন সেনা বিষয়া। মহান্তিৰ দেউতাক জিতেন্দ্ৰ কে মহান্তি আছিল এজন অসামৰিক সেৱা বিষয়া আৰু মাতৃ সাৰদা মহান্তি আছিল উৰিষ্যাৰ এছ.ভি.এম মহাবিদ্যালয়ৰ অধ্যাপক। বাগাছাই ইউ.পি. স্কুলত শিক্ষা গ্ৰহণৰ পাছত, তেওঁ দেৰাডুনৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰত (Rashtriya Indian Military College) যোগদান কৰে। পৰৱৰ্তী সময়ত তেওঁ নেচনেল ডিফেন্স একাডেমীত (NDA) প্ৰৱেশ কৰে। তেওঁ ৱেলিংটনৰ ডিফেন্স চাৰ্ভিছ ষ্টাফ কলেজৰ (Defence Services Staff College) স্নাতক।

You might also like