নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালকিল্লাত হিংসাত্মক ঘটনাৰ পাছতে পঞ্জাৱত হাই এলাৰ্ট জাৰী

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ মঙলবাৰে লালকিল্লাত আন্দোলনকাৰী কৃষক আৰু আৰক্ষীৰ মাজত হোৱা হিংসাত্মক ঘটনাৰ পাছতে পঞ্জাৱত হাই এলাৰ্ট জাৰী কৰিলে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে।

লালকিল্লাত সংঘটিত হোৱা ঘটনাক তীব্ৰভাৱে নিন্দা কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে মঙলবাৰে কয় যে, নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত কৃষকে উলিওৱা ট্ৰেক্টৰ সমদল গ্ৰহণযোগ্য নহয়৷ ইয়াৰ লগতে কৃষকসকলক অনতিপলমে ৰাজধানী দিল্লী ত্যাগ কৰি সীমান্ত অঞ্চললৈ আহিবলৈ অনুৰোধ জনাইছে।

ইপিনে তাৰোপৰি ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি যাতে কোনো কৰাণতে বিঘ্নিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী সঞ্চালক প্ৰধান দীনকৰ গুপ্তাক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে৷

You might also like