নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশ্চৰ্য !… দেৱতাক সন্তুষ্ট কৰাৰ বাবে পত্নীক দিলে বলি

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ অন্ধবিশ্বাসৰ নিকৃষ্ট নিদৰ্শন দেখা গ’ল মধ্যপ্ৰদেশত। দেৱতাক সন্তুষ্ট কৰিবলৈ নিজ পত্নীকে বলি দিলে মধ্যপ্ৰদেশৰ ছিগ্ৰৌলি নামৰ গাঁৱৰ এগৰাকী লোকে। ৫০ বছৰীয়া ব্ৰজেশ কেৱাত নামৰ দুই সন্তানৰ পিতৃগৰাকীয়ে নিশা শুই থকা পত্নীক বলি দিয়ে আৰু ঘৰৰ পিছফালে থকা প্ৰাৰ্থনা গৃহৰ দেৱতাৰ মূৰ্তিৰ কাষত পত্নীৰ নিথৰ মুণ্ড দান কৰে।

পত্নীক হত্যা কৰা দৃশ্য প্ৰত্যক্ষ কৰা দুই সন্তান মনোজ আৰু সুৰেন্দ্ৰকো ভাবুকি দিয়ে পিতৃয়ে। কিন্তু দুয়োৱে ভয় খাই ওচৰ-চুবুৰীয়াৰ ঘৰলৈ দৌৰি গৈ খবৰ দিয়ে। মাজনিশাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বিট্টী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ মুণ্ড প্ৰাৰ্থনাগৃহত উদ্ধাৰ কৰে।

আনহাতে ঘটনা সংঘটিত কৰি লোকজনে পলায়নৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

You might also like