নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰৰ বাৰামতীত বিমান দুৰ্ঘটনা, উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু

ডিজিটেল ডেস্ক, ২৮ জানুৱাৰী : মহাৰাষ্ট্ৰৰ বাৰামতীত ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে। পুৱা ৮.৪৫ বজাত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন ছয়গৰাকী লোকৰো মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় ব্যক্তিগত বিমানখন।

জিলা পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অজিত পাৱাৰে মুম্বাইৰ পৰা বাৰামতীলৈ গৈ আছিল, সেই সময়তে তেওঁৰ ব্যক্তিগত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বাৰামতীত অৱতৰণৰ সময়তে সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনাটো।

You might also like