সম্পাদকীয় : দর্শকৰ সন্ধান
এটা সময়ত অসমৰ বিভিন্ন ঠাইত অপেছাদাৰী নাট্যদল আছিল, বিভিন্ন প্রতিযোগিতাত তেওঁলোকে ভাগ লৈছিল, নাট মঞ্চস্থ কৰিছিল৷ কিন্তু এতিয়া সেই ঠাইবোৰত এক অদ্ভুত নিঃস্তব্ধতা দেখা যায়৷ গুৱাহাটীৰ ৰবীন্দ্র ভৱন নাই, অসমৰ বহু ঠাইৰ থিয়েটাৰ হলৰ আসনবোৰ খালী, যেন ৰে’ল ষ্টেচনৰ পৰিত্যক্ত প্লেটফর্ম৷ কিন্তু একে সময়তে অসমৰ প্রায় প্রতিখন চহৰ আৰু গাঁৱৰ যুৱপ্রজন্ম ব্যস্ত– ম’বাইল স্ক্রীনত৷ ৰীল, ভিডিঅ’, ৱেব ছিৰিজ, স্ক্র’লিং৷ দর্শক নোহোৱা হোৱা নাই, দর্শকে ঠাই সলনি কৰিছে৷ এই স্থানান্তৰ হ’ল– ৰাজহুৱা সাংস্কৃতিক স্থানৰ পৰা ব্যক্তিগত ডিজিটেল স্ক্রীনলৈ৷ এই পৰিৱর্তনে অসমৰ সাংস্কৃতিক জীৱনৰ এটা গভীৰ সংকটৰ কথাকে প্রকাশ কৰে৷ এই পৰিৱর্তন কেৱল প্রযুক্তিগত পৰিৱর্তন নহয়, ই হৈছে সমষ্টিগত সংস্কৃতিৰ এটা সংকট৷ সাধাৰণতে সাংস্কৃতিক জীৱন মানেই একো একোটা সমষ্টিগত অভিজ্ঞতা৷ ভ্রাম্যমাণ থিয়েটাৰে মুকলি পথাৰ একোখনক জীৱন্ত নাট্যমঞ্চ আৰু প্রেক্ষাগৃহলৈ ৰূপান্তৰ কৰিছিল৷ নাটক এখন চোৱাটো কেৱল মনোৰঞ্জন নাছিল, ই আছিল এক সামাজিক–সাংস্কৃতিক কামত কৰা অংশগ্রহণ৷ ভ্রাম্যমাণ থিয়েটাৰে সেই অভ্যাসটো ধৰি ৰাখিছে যদিও অপেছাদাৰী নাটকৰ ক্ষেত্রত বিভিন্ন কাৰণত এই অভ্যাসটো কমি গৈছে৷ বিহু আদিত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান বা ৰাস আদিত দর্শকৰ সমাগম হয়, কিন্তু সেই অনুষ্ঠানবোৰে ঠাইখনৰ কোনো সাংস্কৃতিক চেতনা প্রতিফলিত নকৰে৷ এই কামটো কৰিব পাৰে কেৱল অপেছাদাৰী নাট্যদলৰ নাটকবোৰে৷ এটা সময়ত ৰাসযাত্রা আছিল একোখন ঠাইৰ সাংস্কৃতিক পৰম্পৰাৰ অংগ৷ এতিয়া জনপ্রিয় আৰু পৰিচিত অভিনেত্রীৰ অভিনয়েৰে দর্শক টনাৰ ব্যৱস্থা কৰা ৰাসযাত্রাই অতীতৰ সেই সাংস্কৃতিক গৰিমা হেৰুৱাই পেলাইছে৷ আন এটা লক্ষণীয় দিশ হ’ল– অপেছাদাৰী নাট্যদলৰ নাটকে আজিৰ যুৱ দর্শকৰ সৈতে সংযোগ হেৰুৱাইছে৷
বিহু মঞ্চত জনপ্রিয় গায়ক–গায়িকাই প্রদর্শন কৰা গীতৰ লগত এচাম যুৱক–যুৱতীয়ে নাচিব পাৰে, কিন্তু সেই দলটিয়ে ঠাইখনৰ যুৱ চেতনাক প্রতিনিধিত্ব নকৰে৷ আজিৰ আধুনিক মনৰ যুৱপ্রজন্মই বিশ্বব্যাপী আলোড়নৰ সৃষ্টি কৰা বিষয়বস্তু দেখিছে, তেওঁলোকৰ বাবে পুৰণি ধৰণৰ অনুষ্ঠান কোনোপধ্যেই আকর্ষণীয় নহয়৷ অসমীয়া চিনেমাৰ অৱস্থাও তাতকৈ বেলেগ নহয়৷ দুই–এখন ছবিয়ে দর্শক–সমালোচকক আকর্ষিত কৰিছে, কিন্তু অধিকাংশ ছবিয়েই বিফল হিচাপে ৰৈ গৈছে৷ যুৱ দর্শকৰ সংখ্যা তুলনামূলকভাৱে কমি গৈছে৷ বহু চিনেমা যুৱ দর্শকৰ ওচৰ পোৱাৰ আগতেই অদৃশ্য হৈ যায় অথবা বহু ছবিৰ বাবে যুৱ দর্শকে আহিবলৈ ইচ্ছাই নকৰে৷ এই শূন্যস্থান পূৰণ কৰিবলৈ আহিছে ডিজিটেল প্লেটফর্মবোৰ৷ ইনষ্টাগ্রাম, ইউটিডব, ষ্ট্রীমিং প্লেটফর্ম– এইবোৰত হয়তো গভীৰতা নাথাকে, কিন্তু এইবোৰে বর্তমানৰ ভাষাত কথা কয়৷ আজিৰ যুৱপ্রজন্মৰ উৎকণ্ঠা, ক্ষোভ আৰু একাকিত্বক কম সময়তে চিনাক্ত আৰু প্রতিফলিত কৰা আন কোনো মাধ্যম নাই৷ তাৰ বিপৰীতে অসমৰ বহু নাটক আৰু চিনেমাই এতিয়াও পুৰণি সুৰত, পুৰণি শ্রোতাৰ বাবে পুৰণি ধৰণৰ কথাকেই পুনৰাবৃত্তি কৰি থাকে৷ তাৰ পিছত অভিযোগ উত্থাপন হয় যে যুৱক–যুৱতীবোৰ কিয় অসমীয়া নাটক–চিনেমাৰ প্রতি আগ্রহী নহয়৷ এইখিনিতেই স্পষ্টকৈ ক’ব লাগিব– ই যুৱপ্রজন্মৰ ব্যর্থতা বা ইচ্ছাহীনতা নহয়৷ ই হৈছে প্রতিষ্ঠানগত কল্পনাশক্তিৰ ব্যর্থতা৷ এই ব্যর্থতা কোনো এজন ব্যক্তি বা এটা প্রজন্মৰ ব্যর্থতা নহয়, ই হৈছে সেই প্রতিষ্ঠানসমূহৰ ব্যর্থতা, যিবোৰে দীর্ঘদিন ধৰি সমাজৰ সাংস্কৃতিক দিশটো নিয়ন্ত্রণ কৰি আহিছে৷ থিয়েটাৰ হল আৰু নাট্য প্রতিষ্ঠান, ভ্রাম্যমাণ থিয়েটাৰ কোম্পানী, চিনেমা প্রযোজনা সংস্থা আৰু বিতৰণ ব্যৱস্থা, সাংস্কৃতিক সংস্থা, একাডেমী, চৰকাৰী সাংস্কৃতিক বিভাগ আৰু লগতে বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ৷ ইয়াত কল্পনাশক্তিৰ অর্থ কেৱল সৃষ্টিশীলতা নহয়, ই হ’ল সময়ৰ পৰিৱর্তন বুজাৰ ক্ষমতা, দর্শকৰ মনোভাব অনুমান কৰাৰ সাহস আৰু নতুন পথ কল্পনা কৰাৰ মানসিকতা৷ এই ক্ষমতাবোৰ প্রতিষ্ঠানসমূহৰ ভিতৰত লুপ্ত হয়, তেতিয়াই এই ব্যর্থতাই স্পষ্ট ৰূপ লয়৷ প্রতিষ্ঠানগত কল্পনাশক্তিৰ ব্যর্থতাৰ ব্যৱহাৰিক অর্থ হ’ল সময় সলনি হোৱাৰ পিছতো প্রতিষ্ঠানসমূহে নিজে সলনি কৰিবলৈ সাহস নকৰা৷ সংস্কৃতি ব্যক্তিগত স্ক্রীনত সীমাবদ্ধ হৈ পৰে, তেতিয়াই ই সামাজিক ৰাজহুৱা অর্থ হেৰুৱায়৷ থিয়েটাৰে আমাক একেলগে বহি শুনিবলৈ শিকায়৷ চিনেমাই একেলগে হাঁহিবলৈ, একেলগে নীৰৱ হ’বলৈ শিকায়৷ এই কথাবোৰৰ গুৰুত্ব উপলব্ধি কৰি শিল্পচর্চাকাৰীসকলে অতীতৰ প্রেমত ডুবি থকাৰ পৰা ওলাই আহি বর্তমানক পোনপটীয়াকৈ চাব লাগিব৷ প্রবহমান সংস্কৃতিৰ সোঁত হঠাতেই মৰি নাযায়৷ দর্শকক আমন্ত্রণ কৰিবলৈ ব্যর্থ হ’লে বা বন্ধ কৰিলে ই নিঃশব্দে ম্লান হৈ যায়৷