নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : যোৱা শুকুৰবাৰে ৪.৬ মাত্রাৰ ভূঁইকঁপৰ জোকাৰণি অনুভূত হয় গুজৰাটৰ কচ্ছত৷ এই জোকাৰণিৰ ফলত কোনোধৰণৰ ক্ষয়–ক্ষতি হোৱাৰ বাতৰি পোৱা নাই যদিও এই জোকাৰণিয়ে পুনৰ মনত পেলাই দিয়ে ২৪ বছৰ পুৰণি সেই পৰিঘটনাক৷ এই পৰিঘটনাত তচনচ হৈ গৈছিল হাজাৰ হাজাৰ মানুহৰ জীৱন আৰু সা–সম্পত্তি৷
তথ্যত কোৱা হৈছে যে শুকুৰবাৰে সংঘটিত ভূঁইকঁপৰ প্রথমটো জোকাৰণিৰ পিছত যোৱা ৩০ ঘণ্টাত ২৪বাৰ কঁপি উঠে গুজৰাটৰ মাটি৷ এই জোকাৰণিৰ ফলত গুজৰাটত সক্রিয় হৈ উঠিছে তিনিটা ফল্ট লাইন৷ যিয়ে উদ্বিগ্ন কৰি তুলিছে ভূ–বিজ্ঞানীসকলক৷
সংবাদ মাধ্যমত প্রকাশিত এক প্রতিবেদন অনুসৰি প্রথমটো ভূঁইকঁপৰ ৩০ ঘণ্টাৰ ভিতৰত ২৪টা আফটাৰ শ্বক অনুভূত হয় গুজৰাটত৷ শুকুৰবাৰে নিচেই পুৱা ৪.৩০ বজাৰ পৰা শনিবাৰে পুৱা ৯.৪৫ৰ ভিতৰত এই জোকাৰণিসমূহ নর্থ ৱাগত ফল্টৰ পৰা উদ্ভূট হয়, যিটো এই অঞ্চলৰ সবাতোকৈ সক্রিয় ফল্ট৷ সাম্প্রতিক ভূঁইকঁপৰ যি প্রতিবেদন প্রকাশ পাইছে তাত দেখিবলৈ পোৱা গৈছে যে এই জোকাৰণিৰ ফলত একেলগে সক্রিয় হৈ উঠিছে কাঠৰোল হিল, গোৰা ডোংগাৰ আৰু নর্থ ৱাগড ফল্ট৷ গুজৰাটৰ কচ্ছ অঞ্চলটো এনেয়েই ভূঁইকঁপপ্রৱণ৷ তাতে তিনিটাকৈ ফল্ট একেলগে সক্রিয় হৈ উঠাত স্বাভাৱিকতে উদ্বিগ্ণ হৈ পৰিছে বিজ্ঞানীসকল৷
তেওঁলোকৰ দাবী– দ্রুত সতর্কতামূলক পদক্ষেপ নল’লে অদূৰ ভৱিষ্যতে ভয়াৱহ কাণ্ড সংঘটিত হ’ব পাৰে৷ ভূজত থকা কচ্ছ বিশ্ববিদ্যালয়ৰ ভূ–বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক গৌৰৱ চৌহানে কয়- ‘নগৰ পার্কাৰ আৰু আল্লা বুণ্ডেৰ নিচিনা সক্রিয় ফল্ট লাইনসমূহ বছৰৰ পিছত বছৰ ধৰি এই অঞ্চলটোত ভূঁইকঁপৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে৷ কিন্তু উদ্বেগৰ বিষয়টো হ’ল যে সাম্প্রতিক জোকাৰণিসমূহে নর্থ ৱাগত ফল্টৰ সক্রিয়তা নিশ্চিত কৰিছে৷ যোৱা কেইবামাহ ধৰি কাঠৰোল হিল, গোৰা ডোংগাৰ ফল্ট লাইনৰ ভূঁইকঁপসমূহে ইংগিত দিছে যে এই তিনিওটা ফল্ট লাইন একেলগে সক্রিয় হৈ উঠিছে৷’
চৌহানৰ মতে, ডাঙৰ ভূঁইকঁপৰ পিছত ১ৰ পৰা ৩ মাত্রাৰ আফটাৰ শ্বকে ভূঁইকঁপৰ আশংকা কমায়৷ কিন্তু একাধিক ফল্ট লাইন একেলগে সক্রিয় হৈ উঠাটোৱে ভৱিষ্যতে বৃহৎ ভূঁইকঁপৰ আশংকা বৃদ্ধি কৰে৷ উল্লেখ্য যে কচ্ছত ইতিমধ্যে ১০টাৰো অধিক ফল্ট লাইন আছে৷ যাৰ মাজত আছে কচ্ছ মেইন লেণ্ড ফল্ট আৰু ছাউথ ৱাগত ফল্ট, যিটো ২০০১ বর্ষৰ ভয়াৱহ ভূঁইকঁপটোৰ (ৰিখ্টাৰ স্কেলত ৭.৭ মাত্রা) সময়ত ভাঙি গৈছিল৷ এই পর্যন্তও বেছিভাগ ভূঁইকঁপেই নির্দিষ্ট অঞ্চলটোৰ মাজতে কেন্দ্রীভূত হৈ আছে৷ তথাপি ২০২৫ বর্ষত ৰেকর্ড কৰা সাম্প্রতিক জোকাৰণিসমূহে ইংগিত দিয়ে যে চাপ নতুন ফল্ট ছিষ্টেমলৈ স্থানান্তৰিত হৈছে আৰু বিয়পি পৰিছে৷ ফলত ভৱিষ্যতে শক্তিশালী ভূঁইকঁপ কেৱল নির্দিষ্ট অঞ্চলটোতেই সীমাবদ্ধ হৈ নাথাকিব৷