নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুচুৰা বস্তুৰ দোকান দিছে ফেচবুকৰ মালিক জুকাৰবাৰ্গে, কি কি পোৱা যাব জানেনে

বিশেষ বাৰ্তা, ২৬ এপ্ৰিলঃ ফেচবুক তথা মেটাৰ কর্ণধাৰ মার্ক জুকাৰবার্গে নতুন দোকান খুলিবলৈ ওলাইছে। অনলাইন মার্কেটিং নহয়, পণ্য সা-সামগ্ৰীৰ এখন খুচুৰা ষ্টোৰ খুলিবলৈ ওলাইছে তেওঁ। তাৰেই প্ৰস্তুতি চলিছে সুদূৰ কেলিফর্ণিয়াত। কিন্তু ফেচবুক-ইনষ্টাগ্রাম-হোৱাটছএপ জুৰি ইমান বিস্তৃত সাম্রাজ্যৰ গৰাকীয়ে ৰিটেইল ষ্টোৰ কিয় খুলিছে? কি থাকিব সেই দোকানত?

মূলতঃ বিভিন্ন ভিডিঅ’ চাট ডিভাইছ, ভার্চুৱেল ৰিয়েলিটী হেডচেট, স্মার্ট গ্লাছ ইত্যাদি বিক্রী কৰা হ’ব এই দোকানত। মেটাভাৰ্ছ বা ভার্চুৱেল পৃথিৱীত বিচৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ উপলব্ধ হ’ব জুকাৰবাৰ্গৰ দোকানত। ইতিমধ্যে এই প্রডাক্টবোৰৰ অনলাইন বিক্রী আৰম্ভ হৈছে।

কিন্তু কেৱল অনলাইন মার্কেটিঙতে সীমিত থাকিব বিচৰা নাই জুকাৰবার্গ। কেলিফর্ণিয়াৰ বার্লিংগেমত মেটাৰ চৌহদতেই ১৫৫০ বৰ্গ ফুট এলেকা জুৰি এই খুচুৰা বিপনী খোলা হ’ব। অহা ৯ মে’ত উদ্বোধন কৰা হ’ব সেই দোকান। সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ১১টাৰ পৰা সন্ধিয়া ৬টালৈ এই মেটা ষ্টোৰ খোলা থাকিব।

You might also like