নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা দূৰ কৰিবলৈ মাস্ক পিন্ধাৰ বিপৰীতে বিমানবন্দৰত পূজা এগৰাকী মন্ত্ৰীৰ! চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰত এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত আছে। এই পৰিস্থিতিত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ৰাজ্যত একাধিক ক’ৰোনা বিধি জাৰি কৰিছে। কিন্তু ইয়াৰ মাজতে মধ্যপ্রদেশৰ পর্যটন আৰু সাংস্কৃতিক মন্ত্রীয়ে ক’ৰোনাবিধি ভাঙি বিতর্কত সোমাই পৰিছে। ভেকচিন নহয়, ক’ৰোনা দূৰ কৰিবলৈ বিমান বন্দৰতে পূজাত বহিল মন্ত্ৰীগৰাকী। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে মন্ত্ৰীগৰাকীৰ সেই পূজাৰ ভিডিঅ’।

এই ভিডিঅ’ত দেখা গৈছে, মধ্যপ্রদেশৰ পর্যটন আৰু সাংস্কৃতিক মন্ত্রী ঊষা ঠাকুৰে ইণ্ডোৰ বিমানবন্দৰত পূজা কৰিছিল। তেওঁ তাত স্থাপন কৰা দেৱী অহল্যাবাই হোলকাৰৰ মূৰ্তিৰ সন্মুখত পূজাত বহিছিল।

তেওঁৰ সৈতে বিমানবন্দৰৰ সঞ্চালক আৰ্যমা সন্ন্যাস আৰু অন্যান্য বিষয়াসকলেও যোগ দিছিল। কিন্তু বিমানবন্দৰত পূজাৰ সময়ত ঊষাক মাস্ক অবিহনে দেখা গৈছিল। যাক লৈ আৰম্ভ হৈছে সমালোচনাৰ। সকলোৰে এটাই প্রশ্ন, তেওঁ ক’ৰোনা দূৰীকৰণৰ বাবে পূজা কৰিছে ঠিকে, কিন্তু তেওঁৰ নিজৰ মুখত মাস্ক নাই কিয়?

উল্লেখ্য যে ক’ৰোনাৰ শেহতীয়া তথ্যই প্ৰকাশ কৰা ৱেবছাইট ৱৰ্ল্ডমিটাৰৰ তালিকা অনুসৰি, ভাৰতে ব্ৰাজিলক অতিক্ৰম কৰি যুক্তৰাষ্ট্ৰৰ পিছতে দ্বিতীয় স্থানত আছে। দেশত এতিয়ালৈকে মুঠ ক’ৰোনা সংক্ৰমণৰ সংখ্যা হৈছে ১,৩৫,২৫,৩৭৯ আৰু মৃত্যু হৈছে ১,৭০,২০৯গৰাকীৰ।

You might also like