নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ বছৰে কটা নাই নখ! অৱশেষত নখ কাটি উচুপি উঠিল আয়ানা

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ দীঘল নখ ৰাখি গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ অৰ্জন কৰিছিল এগৰাকী যুৱতীয়ে। তেওঁ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়ানা উইলিয়ামছ (Ayanna Williams)।

আয়ানাই গিনীজ বুকত নিজৰ নাম তুলিছিল বহু বছৰ পূৰ্বেই। তেওঁ আছিল পৃথিৱীৰ দীর্ঘতম নখৰ অধিকাৰিণী! ক্রমে সেই নখ আৰু বাঢ়িছিল যদিও অৱশেষত কিছুদিন পূৰ্বে তেওঁ কাটি পেলালে ঐতিহাসিক সেই নখ।

জানিব পৰা মতে, ২০১৭ চনত Ayanna Williams-ৰ হাতৰ নখৰ দৈর্ঘ্য আছিল ১৯ ফুট। আৰু বিগত বছবোৰত সেই নখ বৃদ্ধি পাই হৈছিলগৈ ২৪ ফুট দীঘল। কিন্তু দীর্ঘতম সেই fingernails তেওঁ অৱশেষত কাটিলে। এই নখবোৰ এক প্ৰকাৰৰ বৈদ্যুতিক ঘূৰণীয়া সঁজুলিৰে কটা হৈছিল। ত্ৰিশ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আয়ানাই নখ কাটি থাকোতে অতি আৱেগিক হৈ উঠিছিল।

“মোৰ নখৰ সৈতে বা অবিহনে, মই সদায়েই ৰাণী হৈ থাকিম,”- আয়ানাই এইদৰে কয়।

উল্লেখ্য যে তেওঁ ১৯৯০ চনৰ পৰা নখ ৰাখি আছে।

You might also like