নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাকালত কেনেধৰণৰ খাদ্য গ্রহণ কৰা উচিত

ডাঃ দ্বীপজ্যোতি শর্মা

ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিশ্বৰ আন প্রান্তৰ লগতে ভাৰততো ভয়াৱহ ৰূপ ধাৰণ কৰিছে, এইপর্যন্ত দেশত প্রায় তিনি লাখ লোক আক্রান্ত হৈছে৷ এই সংক্রমণ আৰু কিমানলৈ বাঢ়ে তাৰো একো অনুমান কোনেও কৰিব পৰা নাই৷ দেশৰ অভিজ্ঞ বিজ্ঞানী গৱেষকসকলে যিবোৰ অংকৰে ভৱিষ্যৎ গণনা কৰিছিল সেই সকলৰ গণনাও আজি স্থবিৰ হৈ পৰিছে৷ এনে পৰিস্থিতিত সকলোৱে নিজৰ দেহাটোৰ যত্ন লোৱাটোৱে গুৰুত্বপূর্ণ হৈ পৰিছে, কিয়নো সংক্রমণ ৰোধ কৰিবলৈ পৰিষ্কাৰ–পৰিচ্ছন্ন লগতে আমাৰ দৈনিক খাদ্যাভ্যাসো সলনি কৰাটো অপৰিহার্য, যিয়ে আমাৰ ৰোগ প্রতিৰোধ প্রণালীটো শক্তিশালী কৰে তথা বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে, এইক্ষেত্রত আপুনি কিছু পৰিৱর্তন আৰু কিছুমান অভ্যাস ত্যাগ কৰাটো প্রয়োজনীয় যাতে সংক্রমণৰ সংস্পর্শলৈ অহাৰ পৰা পৰিহাৰ কৰিব পাৰে৷
প্রকৃততে, বর্তমান ভাইৰাছবিধ আৰু অধিক মাৰাত্মক আৰু সক্রিয় হৈ আহিছে, সেয়ে তাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্র আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে বিশেষ পদক্ষেপ গ্রহণ কৰিছে, তদুপৰি স্বাস্থ্য বিশেষজ্ঞসকলে কেইটামান পৰামর্শ আগবঢ়াইছে, সেই পৰামর্শ অনুসৰি–

১৷ পুৱা উঠি খালী পেটত অন্তত ২/৩ গিলাচ পানী খাওক, ইয়াৰ পাছত গাৰু নোলোৱাকৈ হাত–ভৰি মেলি দহমিনিটমান চিৎ হৈ শোৱক, এই অভ্যাসৰ পিছত অন্ততঃ ৩৫ মিনিট পানী বা কোনো জুলীয়া খাদ্য গ্রহণ নকৰিব৷ তদুপৰি খাদ্য গ্রহণৰ আধা ঘণ্টা পূর্বে এগিলাচ আৰু এঘণ্টাৰ পাছত দুগিলাচ পানী খোৱা উচিত৷

২৷ পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ সপ্তাহত এদিন উপবাসে থকা উচিত৷

৩৷ প্রতিদিনে পুৱা মুকলি ঠাইত ৩০/৪৫ মিনিট খোজকাঢ়ক৷ অৱশ্যে একেৰাহে দীঘলীয়া সময় খোজকঢ়াত অসুবিধা পালে মাজত অলপ বিৰতি লৈ খোজকঢ়াৰ অভ্যাস কৰক লগতে নিতৌ ঘৰত এঘণ্টা শাৰীৰিক পৰিশ্রম কৰাৰ অভ্যাস গঢ়ি তোলক৷

৪৷ প্রাণায়াম অর্থাৎ শ্বাস–প্রশ্বাসৰ ব্যায়াম বা যোগাভ্যাস যেতিয়াই সময় পাই কৰক৷ ইয়াৰ ফলত হাঁওফাঁও শক্তিশালী হয়৷

৫৷ বহাৰ সময়ত মেৰুদণ্ড পোন কৰি বহক৷ একে ঠাইত বেছি সময় বহি থাকিবলগীয়া হ’লে মাজে মাজে থিয় হওক অথবা অলপ ইফাল–সিফাল কৰক৷

৬৷ সমগ্র দিনটোত গ্রহণ কৰা খাদ্যৰ তিনিভাগৰ এভাগ ৰন্ধা খাদ্য আৰু বাকীখিনি ফলমূল বা পাচলিৰ চালাদ কৰি খাওক, কাৰণ ভজা খাদ্যতকৈ সিজোৱা খাদ্য শৰীৰৰ কাৰণে বেছি উপযোগী৷

৭৷ প্রতিদিনে সেউজীয়া শাক–পাচলি আৰু সাতবিধ ফল খাব পাৰিলে ভাল, কিন্তু আজিকালি সকলোতে ৰাসায়নিক কীটনাশক দ্রব্য মিহলি হৈ থাকে, সেই হেতুকে খাবলৈ লোৱাৰ আগত শাক–পাচলি, ফলমূল কিছু সময় পানীত তিয়াই ৰাখক, লগতে ভিটামিন এ, চি আৰু ফলেট উপাদানযুক্ত বস্তু বেছিকৈ খাবলৈ চেষ্টা কৰক৷

৮৷ অত্যধিক চাহ আৰু কফি খোৱাটো পৰিহাৰ কৰক৷ কাৰণ এই অভ্যাসে ৰোগ প্রতিৰোধ প্রণালী দুর্বল কৰিব পাৰে৷ সেয়ে নিয়মিত মাত্রাত চাহ, কফিৰ লগত চেনি আৰু নিমখো প্রয়োজন অনুপাতে গ্রহণ কৰক৷

৯৷ ইয়াৰ উপৰি ভজা–পোৰা আৰু চর্বিজাতীয় খাদ্যৰ উপৰি ধঁপাতৰ পৰা নিজকেই আঁতৰাই ৰাখক৷
গতিকে এনেধৰণৰ খাদ্য প্রণালী নিতৌ নৈমিত্তিক গঢ়ি তুলিলে ক’ৰোনাৰ বাহিৰে অন্যান্য আনুষংগিক ৰোগৰ পৰা সদায় বাচি থকাৰ লগতে, সুস্থ–সবল হৈ থাকিব পাৰিব৷

ফোন: ৬০০০৩–৪২৩৫৩

You might also like