নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেধাৱী ছাত্রী আৰু স্কুটী

- ইক্রামূল হুছেইন

আজি কিছুদিন পূর্বে ভাতৃসম সাপ্তাহিক মুজাহিদৰ সম্পাদক চফিকুল ইচলামে ‘হোৱাটছএপ’ত বৰপেটা মাজগাঁৱৰ এগৰাকী দুখীয়া মেধাৱী ছাত্রীৰ বিষয়ে জনাইছিল৷ হজৰত আবু বক্কৰ ছিদ্দিক ৰাদ্বিআল্লাহু আনহু একাডেমীৰ নৱম শ্রেণীত পঢ়ি থকা ছাত্রীগৰাকীৰ পিতৃৰ আজি প্রায় পাঁচ বছৰ আগতে মৃত্যু হৈছে৷ ছাত্রীগৰাকীৰ আর্থিক অৱস্থা খুব এটা ভাল নহয়৷ সেয়ে ক্লাছৰ পৰীক্ষাত প্রথম হোৱা ছাত্রীগৰাকীক স্কুলৰ অধ্যক্ষই যাৱতীয় মাচুল আদি মাফ কৰি বিনামূলীয়াকৈ পঢ়াৰ সুবিধা কৰি দিছে৷ অভাৱৰ বাবে পঢ়িবলৈ টেবুল এখন নাই, মেড্রিক পৰীক্ষাৰ ফর্ম পূৰণ কৰিবলৈ প্রয়োজন হোৱা ফীজ জমা দিয়াৰ সামর্থ্য নাই৷ তাইৰ দৰে দুখীয়া ল’ৰা–ছোৱালীয়ে পৰীক্ষাত ভাল ফলাফল কৰিলে সকলোৱে সম্বর্ধনা জনায়, আর্থিক সহায় আগবঢ়ায়, কিন্তু এনে ছাত্র–ছাত্রীয়ে পৰীক্ষাৰ আগতে পঢ়ি থকা সময়তহে সহায়ৰ দৰকাৰ৷
আব্দুল বাৰিক, সোণাৰিত থকা মোৰ পিতৃৰ ঘৰৰ কাষৰ এজন বাসিন্দা৷ তেওঁৰ দুগৰাকী কন্যা সন্তান, পঢ়া–শুনাত দুয়োগৰাকী ভাল৷ প্রথমগৰাকী ইউ এছ টি এমত স্নাতকোত্তৰ শ্রেণীত অধ্যয়ন কৰি আছে৷ দ্বিতীয়গৰাকীয়ে এই বছৰ উচ্চ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হৈ গুৱাহাটীৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত নাম ভর্তি কৰিছে৷ কিছুদিন আগতে সোণাৰিলৈ যাওঁতে লগ পাই তেখেতে মোৰ খা–খবৰ লয় আৰু তাৰ দুয়ো সন্তানৰ কৃতকার্যৰ কথাও কয়৷ ইয়াকো জনাই যে দ্বিতীয় সন্তানে উচ্চ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা বাবে চৰকাৰৰ ফালৰ পৰা স্কুটী এখন লাভ কৰিব৷ অনলাইন পঞ্জীয়ন কৰা হৈছে, এডমিট কার্ড, পাছ চার্টিফিকেট, স্থায়ী বসবাসৰ প্রমাণ–পত্র আদি জমা দিব লাগে৷ বাৰিক এজন ব্যৱসায় কৰা মধ্যবিত্ত শ্রেণীৰ লোক, দুয়ো সন্তানকে গুৱাহাটীত ৰাখি উচ্চ শিক্ষা দিয়াৰ সামর্থ্য আছে৷
উক্ত ঘটনা দুটাৰ এটাই দৰিদ্রতাৰ ছবি এখন ফুটাই তুলিছে, যাৰ বাবে মেধাৱী হ’লেও ঘৰত পঢ়াৰ সা–সুবিধা নোহোৱাকৈ পঢ়িব লগা হৈছে, অভাৱৰ বাবে মেড্রিকৰ ফর্ম পূৰণ কৰিবলৈকো পৰা নাই আৰু সুস্থভাৱে শিক্ষাগ্রহণত অসুবিধাৰ সন্মুখীন হৈছে৷ দ্বিতীয় ঘটনাটোৱে সমর্থৱান লোকৰ কন্যা সন্তানেও উচ্চ মাধ্যমিক পৰীক্ষাত দেখুওৱা পাৰদর্শিতাৰ বাবে চৰকাৰৰ ফালৰ পৰা একোখন স্কুটী উপহাৰ হিচাপে লাভ কৰা প্রকাশ পাইছে৷ ছাত্র–ছাত্রীয়ে স্কুল–কলেজৰ পৰীক্ষাত লাভ কৰা সফলতাৰ বাবে তেওঁলোকক উপহাৰেৰে অভিনন্দন জনোৱা হয়, উপহাৰ মানে ফুলৰ থোপা, পেন, কিতাপ আদি ব্যক্তিগতভাৱে দিয়া দেখা গৈছিল৷ সদৌ অসম ছাত্র সন্থায়ো ৰাজ্যিক আৰু জিলা ভিত্তিত এনে ছাত্র–ছাত্রীক প্রতিবছৰে অভিনন্দন জনোৱা দেখি আহিছেছা৷ ব্যক্তিগত বা ৰাজহুৱাভাৱে জনোৱা বেচৰকাৰী অভিনন্দনক চৰকাৰী কৰা হয় ২০০৫ চনৰ পৰা৷ ছেবা আৰু ৰাজ্যিক মাদ্রাছা শিক্ষা বোর্ডৰ দ্বাৰা পৰিচালিত পৰীক্ষাত প্রথম বিভাগত সফলতাৰে উত্তীর্ণ হোৱা ছাত্র–ছাত্রীক উৎসাহিত কৰিবলৈ আৰু ছাত্র–ছাত্রীৰ মনত প্রতিযোগিতাৰ মনোভাব জগাই তুলিবলৈ চৰকাৰে একোটাকৈ ব্যক্তিগত কম্পিউটাৰ উপহাৰ দিয়াৰ সিদ্ধান্ত লয় আৰু ২০০৫ চনৰ পৰা এই আঁচনি কার্যকৰী কৰা হয়৷ আৰম্ভণিতে কম্পিউটাৰৰ সলনি নগদ ধন গ্রহণ কৰাৰ ব্যৱস্থা আছিল৷ এই উপহাৰ আঁচনি প্রৱর্তনৰ সময়ত চৰকাৰ বহু সমালোচনাৰ সন্মুখীন হৈছিল, কাৰণ কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ বিদ্যুৎ সংযোগৰ প্রয়োজন৷ সেই সময়ত সমগ্র ৰাজ্য বৈদ্যুতীকৰণ হোৱা নাছিল আৰু বহু দুখীয়া ছাত্র–ছাত্রীৰ ঘৰত বিদ্যুৎ সংযোগ নাছিল৷ তথাপি আঁচনিখন চলি থাকিল আৰু পৰৱর্তী সময়ত কম্পিউটাৰৰ সলনি লেপটপ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে নূ্যনতম ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্র–ছাত্রীহে উক্ত আঁচনিত চৰকাৰৰ পৰা উপহাৰ লাভ কৰাৰ যোগ্য বিবেচিত হোৱা হ’ল৷ শুনামতে ২০১৯ চনৰ পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্র–ছাত্রীসকলে এতিয়াও চৰকাৰৰ ফালৰ পৰা উপহাৰ লাভ কৰা নাই, ২০২০ চন পাৰ হ’বৰ হ’ল৷ আনহাতে ২০২০ চনত অনুষ্ঠিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হয় ২২০০০ ছাত্রী৷ এই বছৰৰ আগষ্টত শিক্ষামন্ত্রীয়ে ঘোষণা কৰে যে এই বছৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা ২২০০০ ছাত্রীক ‘প্রজ্ঞান ভাৰতী স্কুটী আঁচনি’ৰ অধীনত একোখন স্কুটীৰ উপহাৰ দিব৷ দকৈ চিন্তা কৰি চালে দেখা যায়, এইসকল ছাত্রীক ‘স্কুটী’ উপহাৰ দিয়াৰ ঘোষণাৰ আঁৰত নিশ্চয় কিবা কাৰণ আছে৷ ভালকৈ বিশ্লেষণ কৰি চালে দেখা যায়, অসমত আগন্তুক বিধানসভা নির্বাচন ২০২১ চনৰ এপ্রিলত অনুষ্ঠিত হ’ব আৰু ২০২০ চনৰ উচ্চ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা ২২০০০ ছাত্রীৰ ভিতৰত অধিকাংশ ২০২১ চনৰ নির্বাচনত ভোটাধিকাৰ লাভ কৰাৰ যোগ্য হ’ব৷ নতুনকৈ ভোটাধিকাৰ লাভ কৰিব লগা এইসকল ছাত্রীৰ ভোট শাসনাধিষ্ঠিত দলে লাভ কৰাৰ আশাতে স্কুটী উপহাৰ দিয়াৰ প্রলোভন বুলি ক’ব পাৰি৷
মানুহৰ দৈনন্দিন জীৱনত লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনোৱাটো সমাজৰ এক পৰম্পৰা, সমাজৰ গণ্যমান্য ব্যক্তি, জ্যেষ্ঠজনৰ পৰা লাভ কৰা এনে অভিনন্দনে সফলতা লাভ কৰা ব্যক্তিক জীৱনৰ যাত্রাপথত সফলভাৱে আগুৱাই যাবলৈ উৎসাহিত কৰে৷ ব্যক্তিগতভাৱে দিয়া উপহাৰ আৰু চৰকাৰীভাৱে দিয়া উপহাৰৰ মাজত খৰচৰ ফালৰ পৰা এক পার্থক্য আছে, কাৰণ ব্যক্তিগত উপহাৰ খৰচ ব্যক্তিগত, কিন্তু চৰকাৰীভাৱে দিয়া উপহাৰত খৰচ চৰকাৰী৷ চৰকাৰী মানেও আমাৰে টকা, অর্থাৎ আমি বিভিন্ন প্রকাৰে চৰকাৰক দিয়া টেক্স৷ আমি চৰকাৰক দিয়া টেক্সৰ ধন দেশ বা ৰাজ্যৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰাহে জৰুৰী, ব্যক্তিগত কাৰোবাক উপহাৰ দিয়া কার্যত নহয়৷ আনহাতে ক’ৰোনা বা ক’ভিড ১৯ৰ পিছৰ পৰা দেশৰ অর্থনীতি বেয়া অৱস্থালৈ গতি কৰা বিষয়ে অর্থনীতিবিদসকলে সতর্ক কৰি আছে৷ দেশৰ এনে এক মন্দা অৱস্থাত ২২০০০ ছাত্রীক ওপৰঞ্চিভাৱে ‘স্কুটী’ উপহাৰ দিয়াৰ কিবা প্রয়োজন আছেনে ? ওপৰত উল্লেখ কৰা ধৰণৰ বহুতো দুখীয়া তথা মেধাৱী ছাত্র–ছাত্রী আমাৰ ৰাজ্যত আছে, যিসকলে অর্থৰ অভাৱত ভালদৰে পঢ়াশুনা কৰিব পৰা নাই, প্রয়োজনীয় পাঠ্যপুথি কিনিব পৰা নাই বা পৰীক্ষাৰ মাচুল দিব পৰা নাই৷ সামর্থ্যৱান লোকৰ জীয়েকক স্কুটী উপহাৰ দিয়াৰ সলনি দুখীয়া আৰু মেধাৱী ছাত্র–ছাত্রীক অর্থসাহায্য দিলে বেছি উপকাৰত আহিব, কাৰণ তেলীৰ মূৰত তেল দিয়াৰ প্রয়োজন নাই৷

You might also like