নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডব্লিউইএফৰ সন্মিলনত অংশগ্রহণ কৰিব মোদী–জিনপিঙে

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত কালিৰ পৰা ২৯ জানুৱাৰীলৈকে চলিব লগা বিশ্ব অর্থনৈতিক ফ’ৰাম (ডব্লিউ ই এফ)ৰ সন্মিলনত ভার্চুৱেলী অংশগ্রহণ কৰিব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে৷

ছয়দিনীয়াকৈ চলিবলগীয়া অনলাইন ডাভোছ সন্মিলনত দুয়োগৰাকী নেতাই বিভিন্ন গুৰুত্বপূর্ণ বিষয় লৈ আলোচনা আগবঢ়োৱাৰ সম্ভাৱনা আছে৷ ক’ভিড–১৯ মহামাৰী আৰু বিশ্বজুৰি ক’ভিড প্রতিৰোধী টিকাকৰণ প্রক্রিয়া চলি থকাৰ বাবেই ডব্লিউ ই এফৰ এই সন্মিলন অনলাইন এজেণ্ডাযোগে আয়োজন কৰা হৈছে৷

লক্ষণীয়ভাৱে ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্র’ন, জার্মান চেঞ্চেলৰ এঞ্জেলা মার্কেল প্রমুখ্যে ইউৰোপীয় নেতাসকলেও এই সন্মিলনত ভার্চুৱেলী অংশগ্রহণ কৰিব৷

You might also like