নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোমোজাত প্রধানমন্ত্রী! পাকিস্তানৰ আমন্ত্ৰণ ৰক্ষা কৰিবনে মোদীয়ে

দোমোজাত প্রধানমন্ত্রী
চলিত বৰ্ষৰ মাজভাগত হবলগীয়া ছাৰ্ক সন্মিলনত অংশগ্ৰহণ কৰিবনে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে? দোমোজাত কেন্দ্ৰীয় চৰকাৰ। এইবাৰ সন্মিলনৰ দায়িত্বত পাকিস্তান। ইতিমধ্যে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাইছে। আনকি কভিড পৰিস্থিতিৰ বাবে ভাৰ্ছুৱেলী হলেও মোদীক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কৈছে। জানিব পৰা মতে প্রধানমন্ত্রী মোদীয়ে আফগানিস্তানৰ মানবতাৰ সংকটৰ সময়ত খাদ্য আৰু অন্য়ান্য় প্ৰয়োজনীয় সামগ্ৰী পাকিস্তান হৈ পঠিওৱাৰ বিষয়টো উত্থাপনৰ বাবে এই সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰিছিল। কিন্তু সূত্ৰই সদৰি কৰা মতে একে সময়তে এই সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতৰ বাবে কঠিন এইবাবেই যে ভাৰতে এতিয়াও আফগানিস্তানৰ তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই। আনহাতে পাকিস্তানে আফগানিস্তানৰ তালিবান চৰকাৰৰ প্ৰধানক আমন্ত্ৰণ জনাইছে।

You might also like