নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিশেষ শিবিৰ

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ খাগৰিজান মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত ২৮ ডিচেম্বৰ-২০২১ তাৰিখৰ পৰা ৩ জানুৱাৰী২০২২ লৈ সাতদিনীয়া কাৰ্যসূচীৰে এক বিশেষ শিবিৰ অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ নেতৃত্ব দিয়ে খাগৰিজান মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়ক অধ্যাপক মাইনুল হক আকন্দই।শিক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি, ক’ভিড সৃষ্ট পৰিস্থিতিৰ ক্ষেত্ৰত আত্মসচেতনতা বৃদ্ধি আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাটোৱেই হৈছে এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য। খাগৰিজান মহাবিদ্যালয়ৰ পালিত গাওঁ (Adopted Village)আদৰ্শ লালুং গাঁৱত অৱস্থিত ৮৪০ নং মহগৰীয়া প্ৰাথমিক বিদ্যালয়ত ২৮ ডিচেম্বৰ ২০২১ ত উদ্বোধনী অনুষ্ঠানটি উদযাপন কৰা হয়।বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে এই অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে বক্তব্য আগবঢ়ায়।খাগৰিজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ জোনাৰাম নাথ আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণয় কোষৰ সমন্বয়ক ডঃ ৰামেশ্বৰ কুৰ্মী এই সভাত উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ শেষত ৫০ জনতকৈও অধিকসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে গাঁৱৰ ঘৰে ঘৰে গৈ বিভিন্ন দিশ যেনে দাৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ আৰু তলৰ মানুহখিনিৰ সাক্ষৰতাৰ অনুপাত আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে।ক’ভিডকালীন পৰিস্থিতিত ল’ব লগা সাৱধানতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। এই সময়ছোৱাত বিদ্যালয়ৰ চৌহদ আৰু গাঁওখনত এক বৃক্ষৰোপন কাৰ্যসূচী পালন কৰা হয়।

সামৰণি অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকনৰ মাজত কাবাডি,১০০ মিটাৰ দৌৰ, সংগীত চকী আদি বিভিন্ন খেল প্রতিযোগিতা অনুষ্ঠিত হয়।বিজয়ীসকলক মনোমোহা উপহাৰেৰে পুৰস্কৃত কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু উপস্থিত থকা সমূহ ৰাইজক ধন্যবাদ জনাই সপ্তাহযোৰা কাৰ্যসূচীৰ সমাপ্ত হোৱা বুলি ঘোষণা কৰা হয়।

You might also like