নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ সাংসদ নৱনীত কৌৰক ২ লাখ টকা জৰিমনা

নিয়মীয়া বাৰ্তা ৯ জুনঃ মহাৰাষ্ট্রৰ পৰা প্রথমবাৰৰ বাবে নির্দলীয় হিচাপে সংসদলৈ নির্বাচিত হোৱা অভিনেত্রী তথা ৰাজনীতিক নৱনীত কৌৰ ৰাণাক বোম্বাই উচ্চ ন্যায়ালয়ে মঙলবাৰে ২ লাখ টকাৰ জৰিমনা বিহিছে৷ ভুৱা জাতিগত প্রমাণ–পত্র দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছিল সাংসদগৰাকীৰ বিৰুদ্ধে৷ উচ্চ ন্যায়ালয়ত এই অভিযোগ  সত্য প্রমাণিত হৈছে৷ অমৰাৱতীৰ পৰা লোকসভালৈ নির্বাচিত হোৱা ৩৫ বছৰীয়া সাংসদগৰাকীয়ে এতিয়া সাংসদৰ পদ হেৰুৱাবলগীয়া হ’ব পাৰে৷ সাতটা ভাষাত মত বিনিময় কৰিবলৈ সক্ষম কৌৰৰ বিৰুদ্ধে শিৱসেনাৰ সাংসদ অৰবিন্দ সাৱন্তে হত্যাৰ ভাবুকি প্রদান কৰা বুলি কৌৰে অভিযোগ আনিছিল৷

You might also like