নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুত হাতীৰ ক’ভিড পৰীক্ষা চলাইছে ৰাজ্য চৰকাৰে

নিয়মীয়া বাৰ্তা ৯ জুনঃ তামিলনাডুৰ চেন্নাইৰ সমীপৱর্তী আৰিগনাৰ আন্না প্রাণী উদ্যানত ৯টাকৈ সিংহ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত মঙলবাৰে কইম্বাটুৰৰ মুডুমালাইত হস্তী তথা ব্যাঘ্র অভয়াৰণ্যত কেইবাটাও হাতীৰ ক’ভিড পৰীক্ষা চলোৱা হৈছে৷ উল্লেখনীয় যে এই হাতীবোৰৰ মাজত ক’ভিড পৰীক্ষা চলোৱাৰ পিছতে অন্য জীৱ–জন্তুৰো ক’ভিড পৰীক্ষা চলোৱাৰ সিদ্ধান্ত লৈছে দেশখনৰ বন বিভাগে৷ লক্ষণীয়ভাৱে ৯টাকৈ প্রাণী উদ্যানত আবদ্ধ কৰি ৰখা সিংহৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ লগে লগে তৎপৰ হৈ পৰিছে তামিলনাডু চৰকাৰ৷

You might also like