নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই আক্রমণত জড়িতক কাৰাদণ্ড পাকৰ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃফএটিএফৰ দ্বাৰা সন্ত্রাসবাদক পুঁজি যোগান ধৰোঁতাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ অন্তিম সময়সীমা ছেপ্ঢেম্বৰত সামৰণি পৰিবলগীয়া হোৱাৰ প্রাক্মুহূর্তত পাকিস্তানে জামাত–উদ–দাৱাৰ তিনি নেতাক কাৰাদণ্ড বিহে৷ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রই ২০০৮ চনৰ মুম্বাই আক্রমণৰ মাষ্টাৰ মাইণ্ড বুলি ঘোষণা কৰা নিষিদ্ধ সংগঠন জামাত–উদ–দাৱাৰ তিনি নেতাক পাকিস্তানৰ আদালতে কাৰাদণ্ড বিহে৷

কাৰাদণ্ড বিহা জামাত–উদ–দাৱাৰ তিনি নেতা হ’ল মালিক জফৰ ইকবাল, আব্দুল ছালম আৰু হাফিজ আব্দুল ৰেহমান মাক্কি৷ জামাত–উদ–দাৱাৰ বিৰুদ্ধে পাকিস্তানৰ আদালতৰ ৰায় তাৎপর্যপূর্ণ৷

You might also like