মোৰ টোকাবহীৰ পৰা…জীৱনী
হোমেন বৰগোহাঞি
মই বাছ–বিচাৰ নোহোৱাকৈ প্রায় সকলো বিষয়ৰে কিতাপ পঢ়ো আৰু পঢ়ি ভাল পাওঁ যদিও জীৱনীৰ প্রতি মই এটা বিশেষ আকর্ষণ অনুভৱ কৰোঁ৷ এই ক্ষেত্রত অসমীয়া ভাষা অতি দুখীয়া৷ বাল্যকালত মই ঢকুৱাখনা চৰকাৰী মজলীয়া স্কুলত ছাত্র হৈ থাকোঁতে আমাৰ স্কুলত বছৰেকীয়া বঁটা বিতৰণী সভা অনুষ্ঠিত হৈছিল, আৰু প্রতি বছৰেই শ্রেণীত প্রথম বা দ্বিতীয় স্থান অধিকাৰ কৰি মই বঁটা অর্জন কৰিছিলোঁ৷ প্রতি বছৰেই বঁটা হিচাপে পাইছিলোঁ মহাদেৱ শর্মা বিৰচিত মহম্মদ চৰিত নামৰ কিতাপখন৷ অর্থাৎ ছাত্রক বঁটা হিচাপে দিবলৈ দ্বিতীয় বা তৃতীয় এখন জীৱনী বিচাৰি পোৱা নগৈছিল৷ তাৰ পিছত বহুত দশক পাৰ হৈ গ’ল যদিও অসমীয়া জীৱন চৰিতৰ ভঁৰালত উল্লেখযোগ্য খুব বেছি কিতাপ জমা হোৱা নাই৷ ক্ষণজীৱী উপন্যাস লিখা মানুহৰ সংখ্যাৰ তুলনাত জীৱনী লিখা মানুহৰ সংখ্যা একেবাৰে নগণ্য৷ তাৰ এটা কাৰণ এইটো হ’ব পাৰে যে সার্থক জীৱনী লিখিবলৈ যথেষ্ট কষ্ট স্বীকাৰ আৰু পৰিশ্রম কৰিব লগা হয়৷ বেছিভাগ অসমীয়া মানুহে পৰিশ্রম কৰিবলৈ ভয় কৰে৷
প্রাপ্ত তথ্য অনুযায়ী জীৱনী সাহিত্যৰ জনপ্রিয়তা আটাইতকৈ বেছি ইংৰাজসকলৰ মাজত, আৰু সর্বাধিক জীৱনী লিখিছে ইংৰাজ লেখকসকলে৷ অৱশ্যে এনেকুৱা বেছিভাগ জীৱনীয়েইunread then, unreadable now৷ কিন্তু তাৰ লগতে এই কথাও মনত ৰাখিব লাগিব যে বিশ্ব সাহিত্যত সর্বশ্রেষ্ঠ জীৱন চৰিত বুলি স্বীকৃতLife of Johnson (লেখক জেইমছ বছৱেল) লিখা হৈছিল ইংৰাজী ভাষাত৷ জীৱনী সাহিত্যত যুগান্ত অনাৰ কৃতিত্বও প্রাপ্য লিটন ষ্ট্রেচি নামৰ এজন ইংৰাজ লেখকৰ৷ তেওঁৰEminent Victorians নামৰ কিতাপখনে জীৱনী সাহিত্যৰ সর্বজনপৰিচিত সৌধটো ভাঙি চূৰমাৰ কৰি দিলে৷ তেওঁৰ সেই কিতাপখনে সকলো মানুহকে জীৱন চৰিতক নতুন দৃষ্টিৰে চাবলৈ বাধ্য কৰিলে৷
এই গোটেইবোৰ কথা নতুনকৈ মোৰ মনলৈ আহিছে উইনষ্টন চার্চিলৰGreat Contemporaries নামৰ কিতাপখন হাতত লৈ৷ কিতাপখনৰ আৰু লেখকজনৰ নাম দুটাই পাঠকৰ মনত তীব্র কৌতূহল যোগাবলৈ যথেষ্ট৷ অৱশ্যে এইখিনিতে এটা কথা উল্লেখ কৰি থোৱাটো উচিত হ’ব যে লিটন ষ্ট্রেচিয়ে প্রৱর্তন কৰা জীৱন চৰিতৰ আর্হিৰ লগত উইনষ্টন চার্চিলে লিখা জীৱনীৰ কোনো সম্পর্ক বা মিল নাই৷ তদুপৰি প্রচলিত অর্থত জীৱনী বুলি ক’লে যিধৰণৰ ৰচনাক বুজা যায়, চার্চিলে লিখা ৰচনাবোৰ সেই অর্থত জীৱনী নহয়৷ চার্চিল নিজে আছিল তেওঁৰ যুগৰ এজন অগ্রগণ্য অতিকায় ৰাষ্ট্রনেতা৷ এই কিতাপখনত তেওঁ যিকেইজনGreat Contemporariesৰ বিষয়ে ইমপ্রেশ্যনিষ্টিক ৰচনা লিখিছে, তেওঁলোকৰ ভিতৰত একমাত্র ফ্রেংকলিন ডিলানো ৰুজভেল্টৰ বাহিৰে আন কোনো এজনেই তেওঁৰ সমকক্ষ নহয়৷ কিন্তু তেওঁলোকৰ প্রত্যেকজনেই নিজৰ যুগটোৰ চৰিত্র নির্মাণত একোটা গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷ চার্চিলে তেওঁলোকক গ্রেট আখ্যা দি তেওঁলোকৰ এই ভূমিকাকেই স্বীকৃতি দিছে৷
মই প্রথমবাৰৰ কাৰণে কিতাপখন পঢ়িবলৈ পাইছিলোঁ বহু বছৰৰ আগতে মই সাপ্তাহিক নীলাচলৰ সম্পাদক হৈ থকাৰ সময়ত (১৯৬৮–৭৭)৷ সাংবাদিকতা আৰম্ভ কৰাৰ সময়তেই মই এই কিতাপখন পঢ়িবলৈ সুযোগ পোৱাৰ কাৰণে বিশেষভাৱে লাভৱান হৈছিলোঁ, কাৰণ কিতাপখনে মোৰ দৃষ্টিৰ দিগন্ত বহল কৰিছিল৷ এনেধৰণৰ কিতাপবোৰ মাত্র এবাৰ পঢ়ি আলমাৰিত বন্দী কৰি থ’ব লগা কিতাপ নহয়৷ কিতাপবোৰৰ বিশেষ কিছুমান পৃষ্ঠাত আকৌ মাজে মাজে চকু ফুৰাই চোৱাৰ প্রয়োজন হয়৷ কিন্তু মোৰ সেই সুযোগ নহ’ল, কাৰণ মোৰ এজন বন্ধুৱে কিতাপখন কেইদিনমানৰ কাৰণে ধাৰলৈ নিয়া বুলি কৈ সেইখন আত্মসাৎ কৰিলে৷ মোৰ কেইবাখনো অতি মূল্যৱান কিতাপ মই এনেকৈয়ে হেৰুৱালোঁ৷ তথাপিতো মই মনে মনে ভাবোঁ যে কিতাপৰ প্রতি ইমান বেছি লোভ থকা মানুহবোৰকো সমাজৰ সম্পদ বুলিয়েই গণ্য কৰা উচিত৷
সি যি কি নহওক, কিতাপখন আকৌ এবাৰ পঢ়ি চাবলৈ কেতিয়াবা মনত তীব্র ইচ্ছা জাগে যদিও কিতাপখন সংগ্রহ কৰিবলৈ মই কেতিয়াও সক্রিয় চেষ্টা কৰা নাছিলোঁ৷ কিন্তু কেইদিনমানৰ আগতে কিতাপখন আকৌ এবাৰ হাতত তুলি ল’বলৈ পোৱাৰ এটা সুযোগ উপস্থিত হ’ল৷ মোৰ ডাঙৰ নাতিনী মানালিকা দুবছৰৰ আগতে ইউ পি এছ চিৰ পৰীক্ষাত উত্তীর্ণ হৈ কেন্দ্রীয় সেৱালৈ নির্বাচিত হ’ল৷ তাই বাছি ল’লে ইণ্ডিয়ান অডিট এণ্ড একাউণ্টছ ছার্ভিচ৷ দুবছৰীয়া প্রশিক্ষণৰ অন্তত তাই নিযুক্তি লাভ কৰিলে হিমাচল প্রদেশৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল হিচাপে৷ নতুন পদত যোগ দিয়াৰ আগমুহূর্তত তাই মোক উপহাৰ দিলে উইনষ্টন চার্চিলৰThe Great Contemporaries নামৰ লোভনীয় এই কিতাপখন৷ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি অহাৰ দৰে মোৰ ক্ষুদ্র পুথিভঁৰালটোলৈ এনেকৈয়ে আকৌ ঘূৰি আহিল মোৰ মৰমৰ এই কিতাপখন৷
প্রায় ৫০ বছৰৰ আগতে পঢ়া কিতাপখন আকৌ এবাৰ পঢ়িবলৈ আৰম্ভ কৰি এখন নতুন কিতাপ পঢ়া যেনেই লাগিছে৷ পঢ়ি থাকোঁতে মনলৈ আহিছে ইংৰাজসকলৰ অসাধাৰণ জীৱনী–প্রীতিৰ কথা৷ ইংৰাজ জীৱনীকাৰসকলৰ আটাইতকৈ প্রিয় বিষয় কি? এখন কিতাপত পঢ়িবলৈ পোৱা মতে, এ এন উইলছন নামৰ এজন লেখকে জীৱনী লিখিবলৈ মন কৰি এদিন লণ্ডন লাইব্রেৰীলৈ গৈছিল এটা উপযুক্ত বিষয় বিচাৰি৷ তাত তেওঁ আৱিষ্কাৰ কৰিলে যে যি দুজন মানুহৰ জীৱনক অৱলম্বন কৰি ইংৰাজী ভাষাত সর্বাধিক জীৱনী লিখা হৈছে, তেওঁলোক দুজন হ’ল যীশুখ্রীষ্ট আৰু লর্ড বাইৰন৷ মাত্র যোৱা দুশ বছৰত যীশুখ্রীষ্টৰ জীৱনী লিখা হৈছে ষাঠি হাজাৰখনতকৈ বেছি৷ সেই সংখ্যা ক্রমান্বয়ে বাঢ়িয়েই আছে৷ এইটোও কম কৌতূহলোদ্দীপক কথা নহয় যে ইংৰাজসকলৰ ইতিহাসৰ প্রতিটো পৃষ্ঠা অসংখ্য বর্ণাঢ়্য ব্যক্তিত্বৰে ভৰি থকা সত্ত্বেও আটাইতকৈ বেছি জীৱনী লিখা হৈছে বাইৰনৰ জীৱনক কেন্দ্র কৰি৷ এই প্রসংগতে মনলৈ আহে মেথ্যু আর্নল্ডে বাইৰনৰ বিষয়ে লিখা এই পংক্তিটো–
When Byron’s eyes were shut in death,
We bowed our head, and held our breath.
He tought us little, but our soul
Had felt him like the thunder’s roll.