নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইফতাৰ আয়োজনৰ টুইট ডিলিট কৰিলে ভাৰতীয় সেনাই, কিন্তু কিয়

বিশেষ বাৰ্তা, ২৫ এপ্ৰিলঃ ছ’চিয়েল মিডিয়াত সোঁপন্থীৰ তীব্ৰ বিৰোধ-আক্ৰমণৰ পাছত ভাৰতীয় সেনা বাহিনীয়ে আঁতৰাই পেলালে এটা টুইট। ধৰ্মীয় উদাৰতা দৃষ্টিভংগী বৰ্তাই ৰাখি যোৱা ২১ এপ্ৰিলত ভাৰতীয় সেনাবাহিনীৰ জনসংযোগ বিষয়াই জম্মু-কাশ্মীৰৰ ডোবাত ইফতাৰ পাৰ্টী আয়োজনৰ টুইট এটি কৰিছিল। স্থানীয় মুছলমান লোকৰ সৈতে ভাৰতীয় সেনা বিষয়াই মিলিত হৈ নামাজ আদায় আৰু ইফতাৰ ভোজ কৰা দেখা গৈছিল। ইয়াৰ পাছতে সুদৰ্শন নিউজ নামৰ সংবাদ গোষ্ঠীটোৰ এডিটৰ-ইন-চীফ সুৰেশ চাভাংকেই ইয়াকে লৈ তীব্ৰ কটাক্ষ কৰে। লগে লগে বহুতে তাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভাৰতীয় সেনা বাহিনীৰ জনসংযোগ বিষয়াই ইয়াৰ কোনো প্ৰত্যুত্তৰ নিদিয়ে যদিও পাছত সেই টুইটটো আঁতৰাই পেলায়। জম্মুৰ উক্ত জনসংযোগ বিষয়াগৰাকীয়ে কিয় টুইটটো আঁতৰাইছে সেই বিষয়ে সংবাদ মাধ্যমে জানিব বিচাৰোতেও একো নক’লে।

You might also like