নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আনছাৰুল্লাহ’ৰ ন ন তথ্য পোহৰলৈঃ হাউলীত প্রশিক্ষণ শিবিৰ স্থাপনেৰে নামনিত জেহাদৰ জাল

  • চৰ–ভিতৰুৱা অঞ্চলক টার্গেট কৰি লৈছে বাংলাদেশৰ নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠনে
  • ত্রিপুৰাৰ ইমৰানে আশ্রয় লোৱা বঙাইগাঁৱত চয়েদক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ভাৰতক ইছলামিক ৰাষ্ট্রৰ অন্তর্ভুক্ত কৰাৰ লক্ষ্যৰে বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আল–কায়দাই গঠন কৰা ‘আল–কায়দা ইন দ্য ইণ্ডিয়ান ছাবকণ্টিনেণ্ট’ (একিউআইএছ)বিৰোধী অভিযানত বহু ন ন তথ্য পোহৰলৈ আহিছে৷ ‘একিউআইএছ’–এ সহযোগী সংগঠন বাংলাদেশৰ নিষিদ্ধঘোষিত ‘আনছাৰুল্লাহ বাংলা টীম’ চমুকৈ এবিটিৰ জৰিয়তে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত চৰ তথা ভিতৰুৱা অঞ্চলসমূহক টার্গেট কৰি লৈ বিয়পাই দিছে ইছলামিক মৌলবাদৰ নেটৱর্ক৷ অকল সেয়াই নহয়, বৰপেটা জিলাৰ হাউলীৰ ঢাকালীয়াপাৰাত প্রশিক্ষণ শিবিৰ স্থাপনেৰে নামনি অসমৰ প্রান্তে প্রান্তে জেহাদৰ জাল সম্প্রসাৰণৰ চেষ্টাত নামি পৰাৰ বিস্ফোৰক তথ্যও উন্মোচিত হৈছে৷

ইতিপূর্বে এবিটিৰ ১৪জনকৈ সদস্যক অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তর্গত ৩নং ভাণ্ডাৰাত ধৰা পৰিছে আন এজন জেহাদী৷ ধৃত চয়েদ আহমেদ (৩০)ৰ স্বীকাৰোক্তিতেই অসম আৰক্ষীয়ে হাউলীৰ ঢাকালীয়াপাৰাত এবিটিয়ে প্রশিক্ষণ শিবিৰ স্থাপন কৰা আৰু তাত দুটাকৈ বেট্ছক প্রশিক্ষণ দিয়াৰ তথ্য লাভ কৰিছে৷ এই চয়েদ আহমেদৰ ঘৰতেই আশ্রয় লৈছিল ত্রিপুৰাৰ পৰা অসম আৰক্ষীৰ ট্রেনজিট ৰিমাণ্ডত লোৱা এবিটিৰ দুর্ধর্ষ সদস্য ইমৰান হুছেইন৷ জেৰাকালত ইমৰান হুছেইনে প্রকাশ কৰা তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে চয়েদ আহমেদক গ্রেপ্তাৰ কৰাৰ লগতে যোগীঘোপাৰ চলন্তাপাৰাত হামিদুল ইছলাম নামৰ এজন লোকৰ গেৰেজত কালি নিশা অভিযান চলায়৷

বঙাইগাঁও জিলাৰ উপ–আৰক্ষী অধীক্ষক মণিকান্ত চমুৱাৰ নেতৃত্বত চলা এই অভিযানৰ সময়ত হামিদুল ইছলামক গ্রেপ্তাৰ কৰিবলৈ সক্ষম নহ’লেও ৭টাকৈ বেংক একাউণ্ট, জেহাদ সম্পর্কীয় কেইবাখনো কিতাপ আৰু বিভিন্ন আপত্তিজনক নথি–পত্র উদ্ধাৰ কৰা হৈছে৷ সম্প্রতি পলাতক হৈ থকা হামিদুল ইছলামক কিছুদিন পূর্বে ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা (নিয়া)ৰ অভিযানকাৰী দলে সোধা–পোছা কৰিছিল যদিও বিশেষ তথ্যপাতি লাভ নকৰাত এৰি দিয়ে৷ ইয়াৰ পাছতে হামিদুল ইছলামে অসম আৰক্ষী তথা তদন্তকাৰী দলৰ চকুত ধূলি দি আত্মগোপন কৰে৷

এখন সংবাদ মেলত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাই এই কথা সদৰী কৰি কয় যে চৰ আৰু ভিতৰুৱা অঞ্চলত জেহাদীয়ে নেটৱর্ক স্থাপনৰ চেষ্টা চলাই আছে৷ ত্রিপুৰাৰ পৰা ট্রেনজিট ৰিমাণ্ডত অনা এবিটিৰ তিনি সদস্যই বৰপেটা আৰু বঙাইগাঁৱত চলাই থকা তৎপৰতা সন্দর্ভত বহু তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে৷ সেই তথ্যৰ ভিত্তিতেই যোৱা ২২ এপ্রিলত বঙাইগাঁও আৰক্ষীয়ে বৰপেটা আৰক্ষীৰ সহযোগত হাউলীৰ ঢ়াকালীয়াপাৰাত অভিযান চলায়৷ তাৰেই ঘৰ এটাত বাহৰ পাতি ত্রিপুৰাৰ ইমৰান হুছেইনে জেহাদীৰ প্রশিক্ষণ শিবিৰ পাতিছিল৷ এই শিবিৰত ইতিমধ্যে দুটাকৈ বেট্ছক প্রশিক্ষণ দিয়া হৈছে৷ এই প্রশিক্ষণ সমাপ্ত কৰাৰ পাছত ইমৰান হুছেইনে চয়েদ আহমেদৰ ঘৰত আত্মগোপন কৰিছিল৷

বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকজনে প্রকাশ কৰা মতে, ইমৰান হুছেইনে বঙাইগাঁৱলৈ আহি সংগঠন প্রসাৰৰ সমান্তৰালভাৱে নামি পৰিছিল জেহাদৰ শ্লীপাৰ চেল গঠনত৷ অসম আৰক্ষীৰ লগতে ‘নিয়া’য়ো ধৃত চয়েদ আহমেদক অধিক তথ্যৰ বাবে জেৰা কৰিব৷ যোৱা ২২ এপ্রিলৰ নিশা গ্রেপ্তাৰ কৰা চয়েদ আহমেদক বঙাইগাঁৱত আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল৷ আজি জিম্মাৰ ম্যাদ উকলি যোৱাত জেহাদীজনক পুনৰ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে চয়েদ আহমেদক ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷

উল্লেখ্য যে বিভিন্ন অনুসন্ধানকাৰী সংস্থা আৰু আৰক্ষীয়ে দীর্ঘদিন ধৰি অনুসন্ধান অব্যাহত ৰাখি উপযুক্ত তথ্য–প্রমাণৰ ভিত্তিত বৰপেটা, হাউলী আৰু কলগাছিয়া থানা এলেকাৰ বিভিন্ন স্থানত যোৱা ৪ মার্চত অভিযান চলাই মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদ, খাইৰুল ইছলাম, বাদশ্বাহ চুলেমান খান, নৌচাদ আলী আৰু টাইমুৰ ৰহমান নামৰ পাঁচ এবিটিৰ সদস্যক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে ইয়াৰে মহম্মদ চুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদৰ ঘৰ বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ আৰালহাজাৰ থানাৰ অন্তর্গত আটাদি গাঁৱত৷ এই মৌলবাদীজনে গোপনে অসমত প্রৱেশ কৰি ২০১৯ চনৰ পৰাই বৰপেটা জিলাৰ ঢ়াকালীয়াপাৰা মাদ্রাছাত আৰবীৰ শিক্ষক হিচাপে কাম কৰি আছিল৷ মূলতঃ মাদ্রাছাৰ শিক্ষকৰ বেশত থাকিয়েই এইজন বাংলাদেশী নাগৰিকে অসমৰ ভিন্ন প্রান্তত সংখ্যালঘু সম্প্রদায়ৰ যুৱকক একিউআইএছ তথা এবিটিৰ প্রতি আকর্ষিত কৰি ধর্মীয় মৌলবাদ আৰু জেহাদৰ শিপা বিয়পাইছিল৷ এনে তথ্য লাভ কৰাৰ পাছত যোৱা ১০ এপ্রিলত ‘ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা’ (নিয়া)ই বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ১১ স্থানত অভিযান চলায়৷ ইয়াৰ পাছত যোৱা ১৪ আৰু ১৫ এপ্রিলত আৰক্ষীৰ অভিযানত ধৰা পৰে এবিটিৰ আন ছয়জনকৈ জেহাদী৷ ধৃত এই ছয় জেহাদী আছিল– সর্থেবাৰীৰ ক্ষুদ্র ফালাদি গাঁৱৰ মুফতি ছুলেমান আলী, হাউলীৰ খণ্ডকাৰপাৰাৰ জাহিদুল ইছলাম, কুমুল্লিপাৰাৰ ছাদ্দাম হুছেইন, ধানবান্ধাৰ গৰৈমাৰী পথাৰগাঁৱৰ ৰছিদুল ইছলাম ওৰফে হক, কাটাঝাৰ জামাতল গাঁৱৰ মুছাৰফ হুছেইন আৰু মকিবুল হুছেইন৷ ইয়াৰ পাছত যোৱা ৯ এপ্রিলত অসম আৰক্ষীয়ে ত্রিপুৰাত উপস্থিত হৈ যোগীঘোপা থানাত ৰুজু হৈ থকা ৫৬/২০২২নং গোচৰটো সন্দর্ভত গ্রেপ্তাৰ কৰে ইমৰান হুছেইন, আবুল কাছেম আৰু হামিদ আলীক৷ তিনিওজনকে যোৱা ১৭ এপ্রিলত এবিটিৰ এই তিনিওজন সদস্যক ট্রেনজিট ৰিমাণ্ডত আনে অসম আৰক্ষীয়ে৷ জেহাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি যোৱা ২২ এপ্রিলত পুনৰ অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ’ল চয়েদ আহমেদক৷

এনেদৰে এতিয়ালৈকে একিউআইএছৰ সহযোগী বাংলাদেশৰ নিষিদ্ধঘোষিত সংগঠন এবিটিৰ মুঠ ১৫জনকৈ সদস্যক অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে বর্তমানেও এবিটিৰ ধৃত সদস্যৰে সম্পর্ক ৰক্ষা কৰা লোকৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান৷ বিশেষকৈ স্পর্শকাতৰ ৰূপে চিহ্ণিত অঞ্চলসমূহত সন্দেহজনক লোকৰ গতিবিধিৰ ওপৰত আৰক্ষীয়ে চোকা নজৰ ৰাখিছে৷ আৰক্ষীৰ জালত পৰাৰ ভয়তে আত্মগোপন কৰা বুলিও জানিব পৰা গৈছে ইয়াৰে একাংশই৷

You might also like