নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এগৰাকী মহিলাৰ কাতৰ আহ্বান ‘মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কিবা উপায় দিয়ক’

নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তগত সোণাৰি চাপৰি গাঁও পঞ্চায়তৰ এক নং ৱাৰ্ডৰ ৰামচন্দ্ৰ কোঁৱৰ পত্লীৰ কাতৰ আহ্বান “ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কিবা উপায় দিয়ক ’ ৷ ২০১৮ চনৰে পৰাই দুয়োটা কিডনী বিকল হোৱা স্বামীৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত পৰিয়লটোৰ মহিলা গৰাকীয়ে দশোদিশ অন্ধকাৰ দেখি এতিয়া বিছাৰিছে আপোনাৰো সহায় ৷ সোণাৰি চাপৰি মৌ খোৱা পথৰ কাষত এটা জৰাজীৰ্ণ বাসগৃহত দুই সন্তানক লৈ বসবাস কৰি অহা পৰিয়ালটোৱে আজিও নাপালে চৰকাৰী সাহায্য বা এটা চৰকাৰী গ্‌হ ৷ তদুপৰি পৰিয়ালটোৱে  ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচঁনি লাভ কৰিছে যদিও ৰঙাফিটাৰ মেৰপেছ ভাঙিব নোৱাৰি চাৰিজনীয়া পৰিয়ালটোৰ দুই সন্তানৰ নামত লাভ কৰা সাহায্য বা প্ৰধানমন্ত্ৰীৰ আৱাস গ্‌হ সুবিধা ৷ ঘৰখনৰ মুল মানুহ গৰাকীৰ চিকিৎসাৰ নামত ঘৰৰ লাম লাকুটা, পথাৰৰ মাটি, গোহালিৰ গৰু বিক্ৰী বন্ধকত দি আৰু গঁঞা ৰাইজৰ সহযোগত ২০১৮ চনৰ পৰাই চিকিৎসা কৰিও স্বামীক আৰোগ্য কৰিব নোৱাৰি অৰ্থৰ অভাৱত ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা ঘুৰাই আনিব লগা হোৱাত দশোদিশ অন্ধকাৰ দেখা মহিলাগৰাকীক লাগে আপোনাৰো সহায় ৷ যদি কোনো সদাশয় ব্যক্তি বা দল সংগঠনে পৰিয়ালটোক কিবা সহায় কৰিব বিছাৰে তেন্তে এছ বি আইৰ  20234356383 আইএফএছচি SBINO010760 নম্বৰৰ জৰিয়তে সহায় কৰিবলৈ  কাতৰ আহ্বান জনাইছে অসহায় পৰিয়লটোৱে ৷

 

প্ৰেৰক: ৰাজেশ বুঢ়াগোহাঞি

You might also like