নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ১২ মে’ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লোহাৰঘাটৰ সমীপৰ গোসাঁইপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী লোক নিহত হোৱা ঘটনাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি গোসাঁইপাৰাত যোৱানিশা প্ৰায় ১০ বজাত বনৰীয়া হাতী প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকৰ সৈতে বিশ্বজিত ৰাভা (৩৮) নামৰ লোকজনে বনৰীয়া হাতী খেদিবলৈ যায় ৷ তেনে সময়তে অকস্মাত বনৰীয়া হাতীয়ে বিশ্বজিত ৰাভাক আক্ৰমণ কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাভাক স্থানীয় লোকে চিকিৎসালয়লৈ নিয়াৰ দিহা কৰে যদিও হাস্পতাললৈ নি থকা অৱস্থাতে মৃত্যু ঘটে ৷

পত্নী তথা দুই সন্তানৰ পিতৃ তথা ঘৰখনৰ মূল উপাৰ্জনকাৰী ৰাভাৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷

You might also like