নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬বাৰলৈ মাউণ্ট এভাৰেষ্ট বগালে পর্বত আৰোহী ৰীতা ছেৰপাই

নিয়মীয়াবাৰ্তা,৯ মে’: সর্বাধিকবাৰ বিশ্বৰ সর্বোচ্চ পর্বতশৃংগ মাউণ্ট এভাৰেষ্ট বগোৱাৰ অভিলেখ আছিল নেপালৰ কামি ৰীতা ছেৰপাৰ দখলত৷ এইবাৰ নিজৰেই অভিলেখ ভংগ কৰিলে ৫২ বছৰীয়া ৰীতাই৷ মুঠ ২৬বাৰ মাউণ্ট এভাৰেষ্ট বগোৱাৰ অভিলেখ গঢ়িলে নেপালৰ এই পর্বত আৰোহীয়ে৷ কালি সন্ধিয়া ৬.৫৫ মিনিটত ১১জন সংগীক লৈ ৰীতাই মাউণ্ট এভাৰেষ্টৰ শীর্ষত আৰোহণ কৰে৷ ইয়াৰ পূর্বে সুউচ্চ এই পর্বতশৃংগত ২৫বাৰ ভৰি থ’বলৈ সক্ষম হৈছিল ৰীতাই৷

স্মর্তব্য যে ছেৰপাসকলে মূলতঃ পর্বতাৰোহীৰ বাবে ৰছী বন্ধাৰ কাম কৰে৷ মে’ মাহত আৰম্ভ হৈছে এভাৰেষ্ট বগোৱাৰ অভিযান৷ নেপালৰ চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি, এই বছৰ ৩১৬ পর্বত আৰোহীক মাউণ্ট এভাৰেষ্ট বগোৱাৰ অনুমতি দিয়া হৈছে৷ কিন্তু এই পর্বত আৰোহীসকলে এভাৰেষ্ট বগোৱাৰ পূর্বে নিজৰ অভিলেখ ভাঙি নতুন অভিলেখ গঢ়ি পেলালে ৰীতাই৷ ১৯৯৪ চনৰ ১৩ মে’ত প্রথমবাৰলৈ মাউণ্ট এভাৰেষ্টত ভৰি থৈছিল ৰীতাই৷ ইয়াৰ পিছত মাউণ্ট গডউইন অষ্টিন, মাউণ্ট লোৎছে, মাউণ্ট মানছালু আৰু মাউণ্ট চো ইউ শৃংগ আৰোহণ কৰিছিল ৰীতাই৷ ৮০০০ মিটাৰ উচ্চতাৰ আটাইতকৈ ওখ শৃংগ বগোৱাৰ অভিলেখো আছে ৰীতাৰ নামত৷

You might also like