নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ বিৰুদ্ধে কঠোৰ মমতা বেনার্জী

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  কালি বিজেপিয়ে পশ্চিমবংগৰ মমতা চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ জনাই সচিবালয় অভিমুখে উলিওৱা সমদলৰ পাছতে বিজেপি নেতা কৈলাস বিজয়ভার্গিয়া আৰু মুকুল ৰয়কে ধৰি কেইবাজনৰো বিৰুদ্ধে ৰুজু কৰিছে গোচৰ৷ আইন উলংঘা কৰি বিজেপিয়ে এই প্রতিবাদী সমদল উলিয়াইছিল বুলি অভিযোগ আনিছে মমতা বেনার্জী চৰকাৰে৷ লক্ষণীয়ভাৱে বিজেপি সাংসদ লোকেট চেটার্জী, অর্জুন সিং আৰু ৰাকেশ সিঙৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ৷ পশ্চিমবংগত আইন–শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ তুলি কালি বিজেপিয়ে সচিবালয় ‘নবান্ন চলো’ সমদল উলিয়াইছিল৷

You might also like