নিউজ ডেস্ক, ১৭ নৱেম্বৰ : জল্পনা-কল্পনাৰ অন্ত পেলাই বিহাৰ চৰকাৰ গঠনৰ সূত্র চূড়ান্ত কৰিছে এনডিএ মিত্রজোঁটে৷ সেই অনুসৰি দশমবাৰলৈ নীতিশ কুমাৰেই মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ সিদ্ধান্তও প্রায় চূড়ান্ত হৈছে৷
প্রথম অৱস্থাত বিহাৰ বিজেপিৰ একাংশ নেতাই আপত্তি দর্শাইছিল যদিও শনিবাৰে এনডিএৰ নেতাসকলে গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত গোপন বৈঠকত মিলিত হয়৷ এই বৈঠকতে নীতিশ কুমাৰক মুখ্যমন্ত্রীৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লয়৷ অৱশ্যে নির্বাচনৰ পূর্বেই প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অমিত শ্বাহে নীতিশ কুমাৰৰ নেতৃত্বতেই এনডিএ মিত্রজোঁটে বিহাৰত নির্বাচন খেলিব বুলি কৈছিল৷ কিন্তু মুখ্যমন্ত্রী হিচাপে কাক বাছনি কৰা হ’ব সেই লৈ কোনো আলোচনা হোৱা নাছিল৷ কিন্তু ভোটৰ ফলাফলে নীতিশক আওকাণ কৰাটো অসম্ভৱ কৰি তুলিলে৷
একেখন বৈঠকতে মন্ত্রিত্ব বিতৰণৰ বিষয়তো সিদ্ধান্ত লোৱা হয়৷ সেই অনুসৰি প্রতি ছজন বিধায়কৰ বিপৰীতে এজনক কেবিনেট মন্ত্রী দিয়া হ’ব৷ ইয়াৰ ভিত্তিত বিজেপিয়ে ১৫জন, জেডিইউ–এ ১৩–১৪জন, এলজেপিয়ে তিনিজন আৰু হাম আৰু আৰএলএম–এ এটাকৈ মন্ত্রিত্ব লাভ কৰিব৷ সকলো ঠিকে থাকিলে ১৯ বা ২০ নৱেম্বৰত নতুন মন্ত্রীসভাই শপত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷