নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ববিদ্যালয়ৰ সমীপৰ ভাৰাঘৰ বোমা তৈয়াৰী কাৰখানাত পৰিণত কৰিছিল ওমৰে

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : দিল্লীৰ বিস্ফোৰণ কাণ্ডৰ তদন্তৰ সমান্তৰালভাৱে ওলাইছে এটাৰ পিছত আনটো বিস্ফোৰক তথ্য৷ দিল্লী কাণ্ডৰে জড়িত তিনি জেহাদী চিকিৎসক গেঙৰ ভিতৰত আত্মঘাতী বোমাৰু ওমৰ নবী বোমা প্রস্তুত কৰাত পার্গত আছিল বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে৷

শেহতীয়া তালাচীত পোহৰলৈ অহা তথ্য অনুসৰি ফৰিদাবাদৰ আল–ফালাহ বিশ্ববিদ্যালয়ৰ সমীপত থকা ওমৰৰ ভাৰাঘৰটো বোমা প্রস্তুত কৰা গৱেষণাগাৰলৈ ৰূপান্তৰিত কৰিছিল আত্মঘাতী বোমাৰুজনে৷ অকলে ভাৰাঘৰটোত বাস কৰিছিল ওমৰ নবীয়ে৷

তদন্তকাৰী সংস্থাৰ সূত্র অনুসৰি সেই ঘৰটোতে বহি ওমৰে বিভিন্ন বিস্ফোৰক তৈয়াৰ কৰিছিল৷ এই কামত সহায় কৰিছিল পাকিস্তানৰ একাংশ হেণ্ডলাৰে৷ এই হেণ্ডলাৰে ওমৰৰ সৈতে বিস্ফোৰক তৈয়াৰ কৰাৰ তথ্য আৰু কৌশল আদান–প্রদান কৰিছিল৷ তদন্তকাৰীয়েও তালাচীৰ সময়ত ওমৰৰ ঘৰত বিস্ফোৰক প্রস্তুত কৰাৰ বিভিন্ন সামগ্রী আৰু সঁজুলি উদ্ধাৰ কৰিছিল৷ সেই সময়তে তদন্তকাৰীয়ে ওমৰৰ ঘৰত পৰীক্ষাগাৰ স্থাপন কৰাৰ সন্ধান পাইছিল৷

বিস্ফোৰণৰ ঘটনাৰ কিছুদিন পূর্বে হাৰিয়ানাৰ নুহত এটা ভাৰাঘৰত ১০ দিন আছিল ওমৰ৷ জেহাদী চিকিৎসক গেঙে টেলিগ্রাম এপৰ জৰিয়তে পাকিস্তানৰ ফৈজল, হাছিম আৰু উকাছা নামৰ হেণ্ডলাৰৰ সৈতে সম্পর্ক ৰক্ষা কৰি আহিছিল৷

You might also like