নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডৰ ১৪১ বাসিন্দাৰ গাঁৱত ৫১জনেই পজিটিভ

নিয়মীয়া বাৰ্তা, ১৬ মে’:  উত্তৰাখণ্ডৰ পৌৰী জিলাৰ ১৪১জন বাসিন্দাৰ ক্ষুদ্র গাঁও খুৰখায়ালৰ ৫১জন লোকেই ক’ভিড–১৯ত আক্রান্ত হোৱাত সমগ্র অঞ্চলটোত শংকাৰ সৃষ্টি হৈছে৷ জিলাখনৰ সাতপুলিৰ মহকুমাধিপতি সন্দীপ কুমাৰে প্রকাশ কৰা মতে ক্ষুদ্র গাঁও খুৰখায়ালৰ ১৪১জন বাসিন্দাৰ ভিতৰত ক’ৰোনা পৰীক্ষণ কৰাত ৫১জনৰেই দেহত ক’ভিড–১৯ৰ সংক্রমণ ধৰা পৰে৷

গাঁওখনৰ অধিকাংশ লোকৰেই জ্বৰ, কাহ, চর্দি হোৱাৰ পিছত স্বাস্থ্য বিভাগৰ লোকে আটাইবোৰ লোকৰ নমুনা সংগ্রহ কৰি ক’ভিড পৰীক্ষণ কৰে৷ ইয়াৰ পিছতেই পৰীক্ষণৰ ফলাফলত ৫১জন লোক ক’ভিড পজিটিভ হোৱাত লোককেইজনক চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে আৰু সমগ্র গাঁওখনৰ লোকসকলক হোম আইছ’লেচন কৰা হৈছে৷

কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি গাঁওখনলৈ সকলোধৰণৰ সা–সুবিধা যোগান ধৰি থকা হৈছে৷ স্বাস্থ্য বিভাগৰ লোকক গাঁওখনত নিৰীক্ষণৰ বাবে মোতায়েন কৰা হৈছে৷ আনকি সজাগতা আৰু সতর্কতাৰ লক্ষ্যৰে গাঁওখনৰ বাসিন্দাই সঘনে আহ–যাহ কৰা ওচৰৰ পাঠিচাইনৰ বজাৰখন বন্ধ কৰি দিয়া হৈছে৷ লক্ষণীয় যে গাঁওখনৰ সমীপত থকা আন গাঁৱলৈও এই সংক্রমণ প্রসাৰিত হৈছে৷

You might also like