নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাসহ ৫ ৰাজ্যত খুন্দিয়াব সাগৰীয় ঘূর্ণি টাউক্টিয়ে

নিয়মীয়া বাৰ্তা, ১৬ মে’: আৰব সাগৰত সৃষ্ট ঘূর্ণি টাউক্টিয়ে দেশৰ ৫ উপকূলীয় ৰাজ্যত খুন্দিয়াব৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে সাগৰীয় ঘূর্ণি টাউক্টি অতি ভয়াৱহ ৰূপত কেৰালা, গুজৰাট, তামিলনাডু আদিকে ধৰি পাঁচ ৰাজ্যত খুন্দিয়াব৷ শনিবাৰে নিশা উপকূলীয় ৰাজ্যকেইখনত ঘূর্ণিয়ে খুন্দিওৱাৰ পূর্বে ইতিমধ্যে কেৰালাত প্রবল বৰষুণ আৰু ধুমুহা আৰম্ভ হৈছে৷

শনিবাৰে পুৱা প্রবল বৰষুণ আৰু ধুমুহাৰ ফলত কেৰালাৰ বিভিন্ন স্থানত বাসগৃহকে ধৰি গছ–গছনি, বিদ্যুতৰ খুঁটা আদি ক্ষতিৰ সন্মুখীন হৈছে৷ পাঁচখন ৰাজ্যত ঘূর্ণি টাউক্টিৰ সম্ভাব্য ক্ষতিৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে এনডিআৰএফৰ ১০০টা কোম্পানী সাজু কৰি ৰখাৰ লগতে স্থানীয় প্রশাসনক সাজু কৰি তোলা হৈছে৷ কেৰালা, মহাৰাষ্ট্র, গুজৰাট, কর্ণাটক, তামিলনাডু, গোৱাৰ মুখ্যমন্ত্রীসকলে ইতিমধ্যে সম্ভাব্য ক্ষতিৰ প্রতি লক্ষ্য ৰাখি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷

কেৰালাৰ সাতখন জিলাত ৰেড এলার্ট ঘোষণা কৰা হৈছে৷ ঘূর্ণি টাউক্টিয়ে পাঁচ ৰাজ্যত খুন্দিওৱাৰ ফলত সৃষ্টি হ’ব পৰা পৰিস্থিতি সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শনিবাৰে উচ্চ পর্যায়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে৷ উল্লেখ্য যে ঘূর্ণি টাউক্টি হৈছে বছৰটোৰ প্রথম সাগৰীয় ঘূর্ণি বতাহ৷

You might also like