নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ ‘আত্মনির্ভৰ ভাৰত অভিযান’ৰ পেকেজ পাকিস্তানৰ বার্ষিক বাজেটৰ ৮৩ শতাংশ

১৪৯খন দেশৰ জি ডি পিতকৈও বেছি

নিয়মীয়া বাৰ্তা, ১৪ মে’ : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মঙলবাৰে ‘আত্মনির্ভৰ ভাৰত অভিযান’ শ্লোগানেৰে ২০ লাখ কোটি টকাৰ যি অর্থনৈতিক পেকেজ ঘোষণা কৰিলে, এই ধনৰাশি পাকিস্তানৰ জি ডি পিৰ প্রায় ৮৩ শতাংশ ৷ আনহাতে, এই ধনৰাশি ভাৰতীয় জি ডি পিৰ প্রায় ১০ শতাংশ ৷ কেৱল পাকিস্তানেই নহয়, মঙলবাৰে প্রধানমন্ত্রীয়ে ক’ৰোনা ভাইৰাছত আক্রান্ত দেশৰ অর্থনীতিক সবল কৰিবৰ বাবে ঘোষণা কৰা এই ২০ লাখ কোটি টকাৰ পেকেজ বিশ্বৰ ১৪৯খন দেশৰ জি ডি পিতকৈ বেছি ৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে যোৱা মাহতো ক’ৰোনা ভাইৰাছ মহামাৰী আৰু লকডাউনৰ পৰিপ্রেক্ষিতত ঘোষণা কৰিছে ১.৭৪ লাখ কোটি টকাৰ পেকেজ ৷ এই সাহায্যৰ জৰিয়তে দেশৰ দুখীয়া লোকসকলক সহায় কৰাৰ উপৰি খাদ্য সুৰক্ষা নিশ্চিত কৰা আৰু ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজি থকা দেশৰ স্বাস্থ্যকর্মীসকলৰ বাবে ৫০ লাখ টকাৰ বীমাৰ সুবিধা দিয়াৰো ব্যৱস্থা কৰা হৈছে ৷

You might also like