নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ খবৰঃ মহাৰাষ্ট্রৰ ছিংলিত ক’ৰোনাৰ পৰা আৰোগ্য ৯৪ বছৰীয়া মহিলা

নিয়মীয়া বাৰ্তা, ১৪ মে’ : বয়সস্থ লোকসকলৰ বাবে ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰিণাম  অত্যন্ত ভয়াৱহ বুলি প্রমাণ হৈ আহিলেও বিশ্বৰ ভিন্ন প্রান্তত বহুকেইজন বয়োবৃদ্ধ লোকে এই মহামাৰীক জয় কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ ইয়াৰ মাজতে মহাৰাষ্ট্রৰ ছিংলি জিলাত এগৰাকী ৯৪ বছৰীয়া মহিলা ক’ৰোনাৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতি গৈছে ৷ ক’ভিড–১৯ ৰোগীৰ সৈতে সংস্পর্শত অহাৰ পাছত এই মহিলাগৰাকী সংক্রমিত হৈছিল আৰু ইয়াৰ পাছত দুসপ্তাহ আইছ’লেচন ৱার্ডত চিকিৎসা গ্রহণ কৰাৰ পাছত বৃদ্ধাৱস্থা সত্ত্বেও আৰোগ্য লাভ কৰিবলৈ সক্ষম হয় ৷ নিৰাজ হাস্পতালৰ চিকিৎসক আৰু নার্ছসকলে এই মহিলাগৰাকীৰ অদমনীয় মনোবলৰ প্রশংসা কৰিছে ৷

You might also like