নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰলৈ সুখ–শান্তি আহিব৷ যান–বাহন চলোৱা লোকসকল সাৱধান হ’ব৷ সংযম ৰাখি কথা ক’ব, অন্যথা ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ– কামত ওলাওঁতে সূর্যক প্রণাম কৰি ওলাব৷
বৃষঃ শুভ ৰং নীলা, সংখ্যা ৮৷ চাকৰিৰ কাৰণে থকা স্থানৰ পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ অচিনাকি ব্যক্তিৰ সহায় হ’ব পাৰে৷ সন্তানৰ শুভ৷ ব্যৱসায়ত অর্থ হানি হোৱাৰ ভয়৷ প্রতিকাৰ– বেলপাত তিনিটা ৰঙা জবাফুল লৈ শিৱ লিংগত দি শিৱক স্মৰণ কৰিব৷
মিথুনঃ শুভ ৰং হালধীয়া, সংখ্যা ৬৷ হাত–ভৰিত আঘাত পাব পাৰে৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ পদোন্নতি হোৱাৰ সম্ভাৱনা৷ হাতলৈ টকা–পইচা আহিব৷ প্রতিকাৰ– গা ধোৱা পানীত কেইটামান তিল দি পূবফালে মুখ কৰি গা ধুব৷
কর্কটঃ শুভ ৰং বগা, সংখ্যা ৩৷ খং দমাই ৰাখিব৷ ব্যৱসায়ীয়ে নতুন ব্যৱসায়ৰ সন্ধান পাব৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ আশংকা আছে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– হনুমান মন্দিৰত ধূপ–চাকি জ্বলাই মিঠা ফল দান কৰিব৷
সিংহঃ শুভ ৰং গেৰুৱা, সংখ্যা ৯৷ ঘৰৰ কোনো ব্যক্তিৰ দুখৰ খবৰ আহিব পাৰে৷ বিবাহৰ প্রস্তাৱ নাকচ হ’ব পাৰে৷ দূৰ ভ্রমণ নকৰা ভাল৷ সন্তানৰ শুভ নহয়৷ প্রতিকাৰ– আঁহত গছ এজোপাৰ তলত চাকি জ্বলাই শ্রীবিষ্ণুৰ চৰণ চিন্তা কৰিব৷
কন্যাঃ শুভ ৰং ৰঙা, সংখ্যা ৭৷ হাতলৈ টকা–পইচা অহাত বাধা পাব৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব পাৰে৷ আজি কোনো যুটীয়া ব্যৱসায়ত হাত নিদিব৷ দুর্ঘটনাৰ যোগ দেখা যায়৷
তুলাঃ শুভ ৰং বেঙুণীয়া, সংখ্যা ৮৷ শত্রুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়৷সন্তানৰ শুভ৷ কর্ম সংস্থাপনৰ যোগ দেখা যায়৷ টকা–পইচাৰ অভাৱৰ বাবে জটিল সমস্যাত পৰিব পাৰে৷ প্রতিকাৰ– পুৱা গা ধুই পানীত ৰঙা, বগা ফুল লৈ সূর্যক প্রণাম কৰি জল অর্পণ কৰিব৷
বৃশ্চিকঃ শুভ ৰং হালধীয়া, সংখ্যা ১৷ পিচলি পৰি হাত–ভৰিত দুখ পাব পাৰে৷ আনক সহায় কৰি সন্মান পাব৷ সাংসাৰিক সমস্যা বাঢ়িব৷ চাকৰিৰ সুযোগ পাব পাৰে৷ শত্রুৰ পৰা সাৱধান হ’ব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ প্রতিকাৰ– ভিক্ষাৰী এজনক খোৱা বস্তু দান কৰিব৷
ধনুঃ শুভ ৰং বেঙুণীয়া, সংখ্যা ৫, বন্ধুৰ পৰা সহায় লাভ কৰিব৷ অচিনাকি ব্যক্তিক প্রশ্রয় নিদিব, ক্ষতি হ’ব পাৰে৷ চাকৰিয়ালসকলে টকা–পইচাৰ লেনদেনত সাৱধান হ’ব৷ সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে৷ প্রতিকাৰ– তুলসী গছৰ গুৰিত পানী ঢ়ালি ধূপ জ্বলাই সূর্যক প্রণাম কৰিব৷
মকৰঃ শুভ ৰং সেউজীয়া, সংখ্যা ৬৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ চাকৰিয়ালৰ দায়িত্ব বাঢ়িব৷ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে৷ সন্তানৰ ভুলে সন্মান লাঘৱ কৰিব৷ প্রতিকাৰ– নৱগ্রহ মন্দিৰত ধূপ–চাকি জ্বলাই গ্রহ পূজা কৰিব৷
কুম্ভঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ব্যৱসায়ত খেলিমেলি দেখা যায়৷ শুভ কামৰ আৰম্ভ হ’ব পাৰে৷ সন্তানৰ পৰা সুখ লাভ কৰিব৷ ৰুগীয়া মহিলাসকলে স্বাস্থ্যৰ প্রতি বিশেষ যত্ন ল’ব৷ চাকৰিৰ বাবে চেষ্টা কৰি চাব পাৰে৷ প্রতিকাৰ– বেলপাত, গাখীৰ শিৱ লিংগত দি শিৱক আৰাধনা কৰিব৷
মীনঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৮৷ আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ ফল আশা কৰিব পাৰে৷ আর্থিক দিশত খেলিমেলি দেখা যায়৷ সন্তানৰ শুভ৷ প্রতিকাৰ– ধতুৰা ফুলত চন্দন সানি শিৱ লিংগত অর্পণ কৰিব৷

You might also like