নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প’ৰ্ণগ্রাফীক লৈ বিশ্ববিদ্যালয়ত পাঠ্যক্ৰম, চাব লাগিব নীলা ছবি

বিশেষ বাৰ্তা, ২৩ এপ্ৰিলঃ প’ৰ্ণ চাই ভালপায়? প’ৰ্ণগ্রাফীক লৈ উৎসাহো আছে? লাজ কৰিব নালাগে। লুকাই ৰাখিব নালাগে এই প’ৰ্ণপ্রীতি। কাৰণ প’ৰ্ণ-উৎসাহীসকলৰ বাবেই এইবাৰ নতুন পাঠ্যক্ৰম আৰম্ভ হ’ল বিশ্ববিদ্যালয়ত। ‘হার্ডকোৰ প’ৰ্ণগ্রাফী’ নামেৰে এই কোৰ্ছ লৈ পঢ়িলে ৰীতিমতে ডিগ্রীও লাভ কৰা যাব স-সম্মানেৰে। আমেৰিকাৰ উটাত ৱেষ্টমিনষ্টাৰ কলেজত আৰম্ভ হ’ল এই অভিনৱ পাঠ্যক্ৰম। প্রথমে ছাত্রসকলে ক্লাছত বহি লেকচাৰ শুনিব এক্স-ৰেটেড ছবিবোৰক লৈ। প্রয়োজনত চাব লাগিব তেনে ছবিবোৰো।

মাত্ৰ প’ৰ্ণ নহয়, এই পাঠ্যক্ৰমৰ আঁৰত আছে অন্য শিক্ষণীয় বিষয়ো। ইয়াক চৰম শিল্পৰ ভাগ হিচাপে ভাবিব পাৰে। ইযাকে লৈ ছ’চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে, কলেজ কর্তৃপক্ষই জনাইছে, ৱেষ্টমিনষ্টাৰ কলেজৰ এনেকুৱাই ৰীতি। নানা সময়ত এনেধৰণৰ বিষয়বস্তুক লৈ পাঠ্যক্ৰম তৈয়াৰ কৰা হৈছে। ইয়াত সামাজিক ইচ্যুবোৰৰ আৰু ভালদৰে বিশ্লেষণ কৰাৰ সুযোগ পোৱা যায়। মানুহৰ মনত এই কোৰ্ছে কেনেধৰণৰ প্রভাৱ পেলাইছে তাৰে এটা সমীক্ষাও কৰা হৈছে বুলি জনাইছে।

You might also like