নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিএছই-ৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিল ফৈজৰ কবিতা, গণতন্ত্ৰ আৰু বৈচিত্ৰতা, ইছলামিক সাম্ৰাজ্য, শীতল যুদ্ধ…

বিশেষ বাৰ্তা, ২৩ এপ্ৰিলঃ এক দশকৰো বেছি সময় ধৰি চিবিএছচি-ৰ পাঠ্যক্রমত আছিল উর্দু কবি ফৈজ আহমেদ ফৈজৰ কবিতাৰ অনুবাদ। দশম শ্রেণীৰ ‘ডেম’ক্রেটিক পলিটিক্স ২’ কিতাপৰ বিশেষ অধ্যায়ত কবিতা পঢ়ি আহিছে ছাত্র-ছাত্রীয়ে। চলিত শিক্ষা বর্ষৰ কিতাপৰ পৰা বাদ পৰিল সেই কবিতা। বৃহস্পতিবাৰে প্রকাশিত নতুন কিতাপত দেখা গৈছে সেইবোৰ নাই। ধর্মনিৰপেক্ষতা, কমিউনেলিজম আৰু ৰাজনীতি সংক্রান্তীয় অধ্যায়ত কবিতা দুটা আছিল। ইতিহাসে কৈছে, পাকিস্তানী কবি ফৈজ আহমেদ ফৈজে লাহোৰৰ জেলত বন্দী থকাৰ সময়ত কবিতাবোৰ লিখিছিল।

২০০৫ চনত চিবিএছই বোর্ডৰ পাঠ্যপুথি তৈয়াৰ হৈছিল য’ত এই কবিতা দুটি অন্তৰ্ভূক্ত আছিল। কলকাতা বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হৰি বাসুদেবনে এই কিতাপবোৰ তৈয়াৰ কৰিছিল। অত বছৰ পাছত বাদ পৰিল কবিতাবোৰ। পাঠ্যক্রমৰ পৰা বাদ পৰিছে ‘ডেম’ক্রেছি এণ্ড ডাইভাৰ্ছিটী’ৰ অধ্যায়। সামাজিক ভেদাভেদ আৰু বৈষম্যক লৈ ছাত্র-ছাত্রীক সচেতন কৰাৰ বাবে তথা এই ভেদাভেদৰ বাবেই যে যুঁজ চলিছে দেশে-বিদেশে, তাৰ সম্যক জ্ঞান দিবলৈ অধ্যায়টো আছিল। নেপালৰ পৰা বলিভিয়াৰ ইতিহাস আলোচিত হৈছিল এই অধ্যায়ত। বাদ পৰিল সেয়াও। একেদৰে, একাদশ শ্রেণীৰ ইতিহাসৰ পাঠ্যক্রমৰ পৰা আঁতৰোৱা হ’ল ‘চেন্ট্রেল ইছলামিক লেণ্ডছ’ অধ্যায়। দ্বাদশ শ্রেণীৰ পাঠ্যক্ৰমৰ পৰা আকৌ উধাও হ’ল পলিটিকেল চায়েন্সৰ ‘কোল্ড ৱাৰ ইৰা এণ্ড নন-এলাইণ্ড মুভমেন্ট’অধ্যায়।

You might also like