নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দী ৰাষ্ট্রভাষাঃ অজয়–সুদীপৰ মন্তব্যত উত্তপ্ত ছ’চিয়েল মিডিয়া

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ হিন্দী ৰাষ্ট্রভাষা উচিত নে অনুচিত, তাক লৈ বিতর্ক চলি আছে অভিনেতা অজয় দেৱগণ আৰু কিচ্ছা সুদীপৰ মাজত৷ শেহতীয়াকৈ এই বিতর্কত ৰাজনীতি লগ লাগিছে৷ বিতর্কত অংশগ্রহণ কৰি মন্তব্য কৰিছে কর্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী ছিদ্দাৰামায়া আৰু দেশৰ প্রাক্তন প্রধানমন্ত্রী দেৱেগৌড়াই৷ দুয়োগৰাকী নেতাই উল্লেখ কৰিছে যে হিন্দী কেতিয়াও ৰাষ্ট্রভাষা হ’ব নোৱাৰে৷ দেশৰ ভাষাগত বৈচিত্র্যক সন্মান কৰা প্রত্যেকজন ভাৰতীয়ৰ কর্তব্য বুলি ইতিমধ্যে ৰাজ্যখনৰ বর্তমানৰ বিজেপিৰ মুখ্যমন্ত্রীগৰাকীয়েও মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে কেজিএফ–২ক সর্বভাৰতীয় ছবি আখ্যা দিয়া বিষয়ক লৈ সুদীপ আৰু অজয়ৰ মাজত আৰম্ভ হৈছিল বিতর্ক৷ এই বিতর্কত ছ’চিয়েল মিডিয়াত সুদীপে উল্লেখ কৰে যে হিন্দী ৰাষ্ট্রভাষা নহয়৷

You might also like