নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিওখন কৃষি বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্রপতি কোৱিন্দে

কৃষকৰ দেশজোৰা প্রতিবাদ–বিক্ষোভক উপেক্ষা

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   দেশজুৰি কৃষকৰ  প্রতিবাদ–বিক্ষোভৰ মাজতে তিনিওখন কৃষি সংস্কাৰ বিধেয়কত আজি ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে স্বাক্ষৰ কৰে৷ ইয়াৰ লগে লগে সংসদৰ পৰা ৰাজপথলৈ তীব্র বিতর্ক সৃষ্টি কৰা বিধেয়ককেইখন আইনত পৰিণত হ’ল৷ যোৱা জুন মাহত কেন্দ্রীয় চৰকাৰে জাৰি কৰা অধ্যাদেশকেইখনৰ স্থান ল’ব এই নতুন আইনে৷ স্মর্তব্য যে সংসদত নজিৰবিহীন হুলস্থূলৰ মাজত চৰকাৰে তিনিওখন কৃষি সংস্কাৰ বিধেয়ক গৃহীত কৰিছিল৷ গুৰুত্বপূর্ণ বিধেয়ককেইখন বিৰোধী সাংসদৰ অনুপস্থিতিত ধ্বনি ভোটত গৃহীত কৰাটো আইনবিৰুদ্ধে বুলি বিৰোধী দলসমূহে অভিযোগ কৰি বিধেয়ককেইখনত স্বাক্ষৰ নকৰিবলৈ ৰাষ্ট্রপতিক আহ্বান জনাইছিল৷ কিন্তু ৰাষ্ট্রপতি কোৱিন্দে তেওঁলোকৰ এই আহ্বানক গুৰুত্ব নিদিলে৷ দেশজুৰি কৃষকৰ বিক্ষোভকো ভ্রূক্ষেপ নকৰাকৈ আজি ৰাষ্ট্রপতিয়ে নতুন আইনত অনুমোদন জনায়৷ পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ, মধ্যপ্রদেশৰ দৰে ৰাজ্যত কৃষকসকলে সংসদত গৃহীত বিধেয়ককেইখনৰ বিৰুদ্ধে উত্তাল প্রতিবাদ অব্যাহত ৰাখিছে৷ বিধেয়ককেইখন গৃহীত হোৱাৰ এসপ্তাহ পাছতো পৰিস্থিতি উত্তাল হৈ আছে৷ আনহাতে, বিধেয়ককেইখনৰ প্রতিবাদত কালি এন ডি এৰ সৈতে সম্পর্ক ছেদ কৰি বিজেপিৰে দীর্ঘদিনীয়া বন্ধুত্বৰ অৱসান ঘটাইছিল শিৰোমণি আকালি দলে৷ তাৰ পূর্বে দলটোক প্রতিনিধিত্ব কৰা কেন্দ্রীয় মন্ত্রী হৰছিমৰৎ কৌৰেও সদন চলি থকাৰ সময়তে মন্ত্রিত্ব ত্যাগ কৰিছিল৷ কিন্তু বিধেয়ককেইখনক লৈ সমালোচনাৰ জোৱাৰ উঠিলেও প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সকলো অভিযোগ খণ্ডন কৰি কৃষকৰ কল্যাণৰ বাবেই সংস্কাৰ বিধেয়ককেইখন চৰকাৰে গৃহীত কৰা বুলি দাবী কৰি আহিছে৷ তথাপি কৃষকৰ বিদ্রোহৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রপতিয়ে বিধেয়ককেইখন পুনৰ সংসদলৈ ঘূৰাই পঠিয়াব বুলি আশা কৰা হৈছিল৷ কাৰণ সংসদীয় ৰীতি মতে ৰাষ্ট্রপতিয়ে এই কাম কৰিব পাৰে৷ অৱশ্যে পুনৰ অনুৰূপ ধৰণে বিল পাছ হ’লে ৰাষ্ট্রপতিয়ে বিতর্কিত বিধেয়কত স্বাক্ষৰ কৰিবলৈ বাধ্য হয়৷
‘আত্মনির্ভৰ ভাৰত’ত গুৰুত্বপূর্ণ ভূমিকা লৈছে কৃষকে
দেশৰ কৃষিখণ্ডলৈ কৃষক সমাজে শক্তিশালী অৱদান আগবঢ়াইছে৷ ‘আত্মনির্ভৰ ভাৰত’ গঢ়াৰ ক্ষেত্রত কৃষকসকলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ ‘মন কী বাত’ অনুষ্ঠানত আজি এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ক’ভিড–১৯ৰ আতংকৰ সময়তো দেশৰ কৃষিখণ্ডই উত্তৰণ ঘটোৱা বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে মহাত্মা গান্ধীৰ অর্থনীতিৰ মূলমন্ত্র অনুসৰণ কৰা হ’লে ‘আত্মনির্ভৰ ভাৰত’ অভিযানৰ প্রয়োজনীয়তাই আহি নপৰিলহেঁতেন৷

You might also like