নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিত জড়িত বিজেপিৰ নেতা কর্মীৰ বিৰুদ্ধে প্রথমে কৰক তদন্ত

এছআই কেলেংকাৰি সন্দর্ভত ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ  সমগ্র ৰাজ্যতে তোলপাৰ লগা অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ কেলেংকাৰিত জডিত যিবোৰ নাম প্রকাশ পাইছে, তাৰ মাজত যিসকল বিজেপি নেতা–কর্মীৰ নাম সাঙোৰ খাইছে, তেওঁলোককহে প্রথমে তদন্তৰ আওতালৈ আনিব লাগে৷ –এই মন্তব্য ৰঞ্জিত দাসৰ৷ এছ আই নিযুক্তি প্রক্রিয়াৰ ভয়াৱহ কেলেংকাৰিয়ে ৰাজ্য কঁপাই থকাৰ সময়তে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দেওবাৰে পাঠশালাত সাংবাদিকৰ আগত এনে গুৰুত্বপূর্ণ মত প্রকাশ কৰা কথাই বিশেষ তাৎপর্য বহন কৰিছে৷ এইক্ষেত্রত তেওঁ পৰীক্ষা পতা মূল ব্যক্তি প্রদীপ কুমাৰক ধন্যবাদ জ্ঞাপন কৰি কয় যে প্রদীপ কুমাৰে সঠিক সময়ত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ নকৰিলে পৰিস্থিতি আৰু বহু বেছি বেয়া হ’লহেঁতেন৷ সেয়েহে এতিয়া শীঘ্রেই আকৌ সুকলমে পৰীক্ষা আয়োজন কৰাৰ পোষকতা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷ একেদৰে দুর্নীতি নিবাৰণৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে যি পদক্ষেপ গ্রহণ কৰিছে, সেই সন্দর্ভত মুখ্যমন্ত্রীগৰাকীৰ পদক্ষেপকো আদৰণি জনায় দলটোৰ সভাপতিগৰাকীয়ে৷ উল্লেখ্য যে আজি ৰণজিৎ দাসে বিজেপিৰ ৰাজ্যিক মুখপাত্র ফণী পাঠকৰ স’তে পাঠশালাস্থিত ঐতিহ্যমণ্ডিত ডুমুৰীয়া গীতা সত্রত পদার্পণ কৰে আৰু সত্রত সেৱা জনাই আশীর্বাদ লৈ ভকতবৃন্দৰ স’তে আলোচনাত মিলিত হয়৷ দাসে সত্রখনৰ উন্নতিকল্পে শীঘ্রেই অনুদান আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিয়ে৷

You might also like